/asomiyapratidin/media/media_files/2025/11/14/aaaaaaaaaaaaaaasds-2025-11-14-11-43-46.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ বিধায়ক হোৱাতো নিশ্চিত প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ। পুৱাৰে পৰাই অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়িছে আনন্দ মিশ্ৰ। প্ৰায় ১০সহস্ৰাধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ বক্সাৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকী। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীয়ে ৭৬৭৬টা ভোট লাভ কৰাৰ বিপৰীতে আনন্দ মিশ্ৰই লাভ কৰিছে ১৭,৬৬৮টা ভোট।
উল্লেখ কৰা প্ৰয়োজন যে, সমষ্টিটোত তৃতীয় স্থানত আছে অভিমূন্য মায়াৰী। চতুৰ্থ স্থানত আছে জন সূৰজ পাৰ্টিৰ প্ৰাৰ্থীগৰাকী। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ বিহাৰ নিৰ্বাচনত বেকফুটত পৰিছে বিৰোধী। পূূৰ্বতকৈ বহু সমষ্টি হেৰুওৱাৰ দিশে আগবাঢ়িছে বিৰোধী শক্তি। এইবাৰৰ নিৰ্বাচনত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰ জে ডি দল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us