/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ANAJORI-24.jpg)
ডিজিটেল ডেস্কঃ 'এনাজৰী'য়ে আগবঢ়ালে বিভিন্ন শিতানত ২০২২ চনৰ কেইবাটাও বঁটা। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতিৰ প্ৰতি বিশেষ অৱদান আগবঢ়োৱা বহু কেইজন বিশিষ্ট ব্যক্তিক আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/87bc394d-9bb2-4bdb-9aba-e6aa489e9f2a-1024x619.jpg)
উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে কৰ্ম নিৰ্ধাৰণ কৰি জন্ম লাভ কৰা অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে অসমীয়া ভাষা-সাহিত্যৰ নীৰৱ সাধক, ভাষাতাত্ত্বিক, বিশিষ্ট শিক্ষাবিদ বিশেশ্বৰ হাজৰিকালৈ আগবঢ়ালে জীৱনজোৰা সাধনা বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/9f993938-2200-4a6f-81b6-26c7ca01eab4-1024x473.jpg)
ঠিক একেদৰে অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম মহীৰূহ বিশিষ্ট শিক্ষাবিদ ভাষাবিদ ভবানী প্রসাদ অধিকাৰীলৈ 'ত্রৈলোক্য নাথ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', অসমীয়া গল্প-সাহিত্যলৈ আগবঢ়োৱা প্রভূত অৱদানৰ বাবে বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকালৈ "হেমচন্দ্ৰ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', গীতি সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট গীতিকাৰ ইদ্রিছ আলীলৈ 'হৰিনাথ শৰ্মাদলৈ সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ANAJORI-1.jpg)
একেদৰে অসমৰ সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে বিশিষ্ট কণ্ঠশিল্পী ৰাজেন গোহাঁলৈ 'ৰতন লহকৰ সোঁৱৰণী এনাজৰী বঁটা', অসমীয়া চলচিত্ৰ তথা মঞ্চ জগতৰ সুদক্ষ অভিনেত্ৰী পূৰ্ণিমা শইকীয়ালৈ 'ইন্দ্ৰ বণিয়া সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়োৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/2c037be0-38cf-4d44-b744-677dd32fa40a-1024x581.jpg)
আনহাতে ধ্ৰুপদী সংগীতৰ এগৰাকী অক্লান্ত সাধক অনিৰ্বান দাসলৈ 'চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা', মিচিং সাহিত্য-সংস্কৃতিৰ নীৰৱ সাধক ,চিত্ৰ নাট্যকাৰ ব্ৰজেন কুলিলৈ 'প্ৰণিতা বৰুৱা এনাজৰী বঁটা' আগবঢ়োৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/05422ba9-4d52-4fd8-967e-c2fccecab459-1024x517.jpg)
অনুষ্ঠানত এনাজৰীৰ স্মৃতিগ্ৰন্থ 'পথিকৃত' উন্মোচন কৰে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে। স্মৃতিগ্ৰন্থখন উন্মোচন কৰি তেওঁ বঁটাপ্ৰাপক সকলোকে অভিনন্দন জনাই আৰু এনাজৰীৰ এই পদক্ষেপক শলাগ লয়। ইফালে বিশিষ্ট অভিনেত্ৰী পূ্ৰ্নিমা শইকীয়াই স্বামীৰ সৈতে বিশিষ্ট ব্যক্তিৰ পৰা গ্ৰহণ কৰে বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/3d4f54cf-40bc-4f37-b9ae-e7d1f484dd68-1024x660.jpg)
আনহাতে অনিৰ্বান দাসে 'চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা' গ্ৰহণ কৰি পৰিৱেশন কৰে এটা গজল। একেদৰে অনুষ্ঠানত উপস্থিত থকা বিষিষ্ট সংগীত শিল্পী দ্বীপেন বৰুৱাই পৰিৱেশন কৰে 'এইখনি গাওঁ বুকুৰ আপোন' শীৰ্ষক জনপ্ৰিয় গীত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bf635f93-144f-4c7a-a098-08eedea0e957-1024x630.jpg)
বিশিষ্ট অভিনেতা নিপন গোস্বামী, সংগীত শিল্পী দ্বীপেন বৰুৱা, অভিনেতা প্ৰাঞ্জল দাস, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণি বৰগীতেৰে কৰাৰ পিছত উপস্থিত ৰাইজক সংগীত শিল্পী কুইন দাসে পৰিৱেশন কৰা গীতেও মন্ত্ৰমুগ্ধ কৰে সভাত উপস্থিত থকা ব্যক্তিসকলক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/0fc6a098-b0f4-4dcd-9de6-436a15321ad3-1024x630.jpg)
ইফালে এই অনুষ্ঠানতে এনাজৰীয়ে অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগীসকলকো বঁটা প্ৰদান কৰা হয়।