এনাজৰী বঁটা-২০২৫ ঘোষণা, দুগৰাকী মহীৰূহলৈ জীৱনজোৰা সাধানা বঁটা

অগ্রণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে বিভিন্ন ক্ষেত্রত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্রতি বছৰে প্রদান কৰি আহিছে 'এনাজৰী বঁটা'।

author-image
Asomiya Pratidin
New Update
agroni khabar

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্রখনক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে কর্ম নির্ধাৰণ কৰি জন্ম লাভ কৰা অগ্রণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে বিভিন্ন ক্ষেত্রত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্রতি বছৰে প্রদান কৰি আহিছে 'এনাজৰী বঁটা'।

এনাজৰীৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই এক প্রেছ বিজ্ঞপ্তিযোগে ২০২৫ বর্ষব 'এনাজৰী বঁটা' প্রাপকসকলৰ নাম আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই বৰ্ষত ব্যতিক্রমী ৰূপত এনাজৰীয়ে অসমৰ ভাষা-সাহিত্য-শৈক্ষিক আৰু চিত্রকলাৰ ক্ষেত্ৰৰ দুগৰাকী মহীৰূহলৈ জীৱনজোৰা সাধানা বঁটা আগবঢ়াইছে।

বিশিষ্ট ভাষাবিদ-শিক্ষাবিদ-কবি ড° লীলাৱতী শইকীয়া বৰা আৰু নিজ সাধনাৰে চিত্রশিল্পৰ ক্ষেত্ৰখনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰীলৈ 'জীৱনজোৰা সাধনা বঁটা' আগবঢ়োৱা হৈছে।

একেদৰে শিক্ষাবিদ-গল্পকাৰ-চিত্রশিল্পী ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচার্যলৈ 'ত্রৈলোক্য নাথ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', আন্তর্জাতিক খ্যাতি সম্পন্ন চলচিত্র পৰিচালক গৌতম বৰালৈ 'ইন্দ্ৰ বণিয়া সোঁৱৰণী এনাজৰী বঁটা', বিশিষ্ট লোকসংগীত শিল্পী খগেন গগৈলৈ 'চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা', ব্যতিক্রমী কাব্যচৰ্চাৰে সমাদৃত বিশিষ্ট কবি তথা সুদক্ষ প্রশাসনিক বিষয়া নিবেদন দাস পাটোৱাৰীলৈ 'ড' হৰিনাথ শৰ্মা দলৈ সোঁৱৰণী এনাজৰী বঁটা' আৰু মৰিধলঘাট দিহা নাম দললৈ 'প্রণীত বৰুৱা সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়োৱা হৈছে। 

আনহাতে, তিনি দশক কাল সাংবাদিকতা কৰা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মালৈ 'শশী শৰ্মা সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়োৱা হৈছে। ইফালে, নিজ প্রতিভাবে 'ৱৰ্ল্ড ৱাইড বুক অব্ ৰেকৰ্ডছ' আৰু 'গ'ল্ডেন বুক অব্ বর্ল্ড ৰেকৰ্ডছ'ত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা সুদক্ষা বিহু নৃত্য শিল্পী দিদৃক্ষা সোনোবালক আগবঢ়োৱা হ'ব বিশেষ সম্বর্ধনা।

অহা ২৫ অক্টোবৰ, শনিবাৰে শ্ৰীমন্ত শঙ্কবদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ প্রেক্ষাগৃহত শিল্পী-সাহিত্যিক আৰু প্ৰশাসনীয় বিষয়াৰ সমাহাৰেৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ'ব।

এনাজৰী