/asomiyapratidin/media/media_files/2025/10/27/ujjjdd-2025-10-27-23-23-27.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ সদৌ বড়ো মহিলা কল্যাণ পৰিষদ চমুকৈ আবৌফৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত সোমবাৰে দিনৰ ১২ বজাত এদিনীয়া কাৰ্যসূচীৰে 'সমাজ সংস্কাৰত মহিলাৰ ভূমিকা' শীৰ্ষক এক সজাগতা সভা লাংহিনৰ চেলাবৰত অনুষ্ঠিত কৰা হয় ।
সভাত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কেইবাশতাধিক মহিলাই উপস্থিত থাকি সক্ৰিয় অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে এই সজাগতা সভাৰ যোগেদি সমাজত মদ নিবাৰণ দিৱস, নাৰী দিৱস, শৈক্ষিক দিশত আৰু বড়ো সমাজত আদৰ্শ নাৰীৰ স্বীকৃতি পোৱা ছহীদ হেলেনা আৰু গায়দেৰ বিষয়ে সভাত বিতংকৈ ৰাইজক বুজাই কয় ।
সভাত কাৰ্বি আংলং জিলা সমিতিৰ সভানেত্ৰী ফুলমনি ব্ৰহ্ম ,সম্পাদিকা সুবাসী বসুমতাৰী ,উপদেষ্টাদ্বয় ক্ৰমে মৃণালিনী হাজোৱাৰী আৰু লক্ষীমাই খাখলাৰী, সহ-সম্পাদিকা সুখুশ্ৰী দৈমাৰী আৰু সাংগঠনিক সম্পাদিকা হিচাপে ৰূপালী বসুমতাৰী তেওঁলোকক আটাইকে একোখনকৈ বড়ো আৰণাইৰে সম্বৰ্ধনা জনায় ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us