/asomiyapratidin/media/media_files/2025/11/11/192-2025-11-11-20-30-08.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত উপস্থিত নহ'ল পৰিভ্ৰমী আমুৰ ফেলকন চৰাই। ১০ কিলোমিটাৰ নিলগৰ এখন বস্তিত কিছু ফেলকনৰ বিচৰণ। নাগালেণ্ডৰ দৈয়াং জলাশয় হৈছে 'Falconৰ ৰাজধানী । Falco amurensis বুলি কোৱা হয়।
প্ৰতিবছৰে প্ৰব্ৰজনৰ সময়ত চাইবেৰিয়াৰ পৰা নাগালেণ্ডৰ দৈয়াং জলাশয়লৈ আগমন ঘটে। ইয়াৰ পিছত লাখ লাখ ফেলকন দক্ষিণ আফ্ৰিকালৈ উৰা মাৰে ।
দৈয়াং জলাশয়টোত বৃহৎ সংখ্যক ফেলকন গোট খাই জিৰণি লয়। পৰিভ্ৰমী চৰাই আগমন বাবে দৈয়াঙৰ এই অঞ্চলটো সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।
বিশ্বৰ আটাইতকৈ দীঘলীয়া যাত্ৰা কৰা ফেলকন ৰেপ্টৰ হিচাপে জনা যায়। যিয়ে মাত্ৰ পাঁচ দিনতে মংগোলিয়াৰ পৰা নাগালেণ্ডলৈ ৫,৬০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত উৰি আহে। দৈয়াং জলাশয়ত ফৰিং আৰু ড্ৰেগনফ্লাইৰ দৰে প্ৰচুৰ পোক-পৰুৱাৰ থকাৰ বাবে প্ৰতি বছৰে ফেলকনৰ আগমন ঘটে।
নাগালেণ্ডৰ ৱোখা জিলাৰ দৈয়াং নদীৰ ওপৰত অৱস্থিত এন টি পি চি নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ দৈয়াং হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্ট। প্ৰকল্পটোৰ ক্ষমতা ৩ X ২৫ মেগাৱাট আৰু আনুমানিক বাৰ্ষিক উৎপাদন ২২৭ মিলিয়ন ইউনিট। ২০০০ চনৰ জুলাই মাহত ইয়াক আৰম্ভ হৈছিল আৰু নাগালেণ্ডৰ একমাত্ৰ নদী বান্ধ।
দৈয়াং হাইড্ৰ’ প্ৰকল্প বহু বন্যপ্ৰাণীৰে ভৰা এক বেঞ্চমাৰ্ক পৰ্যটন স্থান। জলসিঞ্চন, জলজ কৃষি আৰু জলবিদ্যুতৰ কেন্দ্ৰবিন্দু এই নদীখনত বৃহৎ সংখ্যক প্ৰব্ৰজন কৰা আমুৰ ফেলকনৰ বাবে বিখ্যাত।
প্ৰব্ৰজনৰ বতৰত অঞ্চলটো পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ৱোখা জিলা সদৰৰ পৰা প্ৰায় ৩৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত দৈয়াং প্ৰকল্পলৈ আজি ফেলকন অহা নাই।
বিদ্যুৎ প্ৰকল্পৰ কাষতে থকা এসময়ত ফেলকন চিকাৰত নিয়োজিত পাংটি গাঁৱৰ স্থানীয় জনগোষ্ঠীয়ে বিগত দিনবোৰত ফেলকনৰ সংৰক্ষণত ব্ৰতী হৈ পৰে। এই পৰিৱৰ্তন ২০১২ চনৰ ফেলকন অহাৰ পৰা সংৰক্ষণ অভিযান আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন হয়।
প্ৰাক্তন চিকাৰীসকল এতিয়া পৰিৱেশ পৰ্যটন আৰু হোমষ্টেৰ সৈতে জড়িত। "আমুৰ ফেলকন কেপিটেল":সংৰক্ষণৰ বাবেই এতিয়া পাংটিয়ে নিজকে "আমুৰ ফেলকন কেপিটেল" বুলি কয় যদিও বৰ্তমান পৰিবেশতন্ত্ৰত কু-প্ৰভাৱৰ বাবে পৰিভ্ৰমী চৰাই ফেলকন অহাত বাধা আহি পৰিছে।
বৰ্তমান ফেলকন পাংটিৰ পৰা ১০ কিলোমিটাৰ নিলগত থকা আয়াৰ বস্তিত কিছু সংখ্যক চৰাই প্ৰত্যক্ষ কৰা বুলি জনা গৈছে। উক্ত অঞ্চলটোত ফেলকন স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে বুলি গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে জানিব দিয়ে।
গোস্বামীয়ে কয় যে নগা পাহাৰকে ধৰি অসমৰ সমতল ভূমিত গছগছনিৰ হাবিবোৰ কাতি খাস্তাং কৰা হৈছে বায়ুপ্ৰদূষণকে ধৰি বিভিন্ন কাৰকৰ বাবে জলবায়ুৰ পৰিবৰ্তন গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হয়তো প্ৰতি বছৰে এনে সময়তে অহা লাখ লাখ আমোল ফেলকনৰ এই পৰ্যন্ত দৈয়াংলৈ আগমন হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us