/asomiyapratidin/media/media_files/2025/10/12/ujjjd-2025-10-12-12-58-50.jpg)
ডিজিটেল ডেস্কঃ ৩১বছৰীয়া জন্মদিনটো উলহ-মালহেৰে উদযাপন কৰাৰ কথা ভাৱিছিল অমৃতপ্ৰভাই। কিন্তু ভৱামতে নহ'ল। জুবিন মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱাৰ পিছত চি আই ডিৰ লকআপতে এই বিশেষ দিনটো কটালে অমৃতপ্ৰভাই।
যোৱা ১১অক্টোবৰত আছিল অমৃতপ্ৰভাৰ জন্মদিন। এইবাৰৰ জন্মদিন উদযাপনৰ বাবে এখন বিলাসী হোটেলো আগতীয়াকৈ বুকিং কৰিছিল। কিন্তু হোটেল বুকিং কৰাতে থাকিল। চি আই ডিৰ লকআপতে জন্মদিন পালন কৰিলে অমৃতপ্ৰভাই।
লকআপতে অমৃতপ্ৰভা মহন্তৰ ট্ৰেজিক বাৰ্থডে। ওপজা দিনটোত লকআপত কান্দি কান্দি হায়ৰাণ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত। লকআপতে CID কেণ্টিনৰ ৰুটি, ভাত, তৰকাৰীৰে পাৰ হ'ল অমৃতপ্ৰভাৰ জন্মদিন।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত নলবাৰীৰ অমৃতপ্ৰভা মহন্তক দিনে ৰাতিয়ে জেৰা চলাইছে চি আই ডিয়ে। আটাইকেইগৰাকী অভিযুক্তক একেলগে বহুৱাইও চি আই ডিয়ে শেহতীয়াকৈ জেৰা চলোৱা বুলি জানিব পৰা গৈছে।