/asomiyapratidin/media/media_files/2026/01/30/hhdhhd-2026-01-30-13-33-12.jpg)
ডিজিটেল ডেস্কঃ জামিন নাকচ হ'ল অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ। শুকুৰবাৰে আদালতত হোৱা শুনানিত এই তিনিওগৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ কৰে আদালতে। চৰকাৰী পক্ষৰ অধিবক্তাই সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে, এই সমগ্ৰ ষড়যন্ত্ৰত অমৃতপ্ৰভা সক্ৰিয়ভাৱে জড়িত আছে। সেয়েহে আদালতে তেওঁক জামিন প্ৰদান কৰা নাই।
ইফালে শুনানি প্ৰক্ৰিয়াত ভাগ লৈ ওলাই আহি সাংবাদিকৰ আগত পুনৰ অভিযুক্তসকলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয় যে, এনেকুৱা অসুৰ পৃথিৱীত ২-৩টাহে জন্ম হয়। মই আৰু জুবিনে সকলোকে বিশ্বাস কৰিছিলো। কিন্তু আমাৰ বিশ্বাস ভংগ হ'ল। আমি আশা কৰো যে, কেতিয়াও এই অসুৰকেইটাই কেতিয়াও যেন বেইল নাপায়।
গৰিমা গাৰ্গে লগতে কয় যে, এই অসুৰ কেইটাই শাস্তি পাবই লাগিব। শাস্তি নোপোৱা পৰ্যন্ত কোনো যাতে ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। অসমৰ সকলো জনগণে তাকেই বিচাৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে নিজৰ জামিন আবেদন ঘূৰাই লৈছে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us