আমৰি উলুকুনচিত দুদিনীয়া কাৰ্য্যসূচীৰে তিৱা জনজাতীয় লাংখন উৎসৱ

পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদীয় সমষ্টি উলুকুনচি এলপি স্কুলৰ খেলপথাৰ প্ৰাংগনত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ১৮সংখ্যক তিৱাসকলৰ লাংখন উৎসৱ উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
97

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদীয় সমষ্টি উলুকুনচি এলপি স্কুলৰ খেলপথাৰ প্ৰাংগনত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ১৮সংখ্যক তিৱাসকলৰ লাংখন উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ মুকলি সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাংসহ ই এম ডি উফিং মাচলাই, মংগল চিং তিমুং, তিলুটুমা হাচনু।

WhatsApp Image 2025-10-31 at 7.18.18 PM

লগতে বিশিষ্ট অতিথিসকল আৰু তিবা জনজাতীয় গণ্যমান্য সাংস্কৃতিক দল উপস্থিত থাকে ৷ দুদিনীয়া কাৰ্য্যসূচীত তিৱাসকলৰ পৰম্পৰাৰ ৰীতি নীতি মাংগলিক প্ৰথাৰে শুভাৰম্ভ কৰে ৷ তিৱাসকলৰ পূৰ্বপুৰুষসকলৰ নৃত্য -গীত- মাত আদি প্ৰদৰ্শন কৰে তিৱা সাংস্কৃতিক দলসমূহে ৷

WhatsApp Image 2025-10-31 at 7.18.20 PM

স্থানীয় জনপ্ৰতিনিধি তথা তিৱাসকলৰ সাংস্কৃতিক গুৰিধৰোঁতা তথা বৰ্তমান কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ ই এম ডি উফিং মাছলাইয়ে উপস্থিত ৰাইজক কয় যে তিৱাসকলৰ পৰম্পৰা প্ৰথাসমূহৰ বিভিন্ন জনজাতীয় লগতে প্ৰচলন লগতে আধুনিক তিৱা সমাজত জীয়াই ৰাখিবলৈ প্ৰচেষ্টাত কৰি আহিছে কাৰ্বি আংলং জিলাৰ তিৱা সাংস্কৃতিক সমাজে ৷ 

প্ৰতিবছৰে অক্টোবৰ মাহৰ শেষত দিনত তিবা সাংস্কৃতিক সমাজ সৌজন্যত জিলাখনত তিৱা বসতি প্ৰধান অঞ্চলত উলহমালহেৰে উদযাপন কৰি আহিছে ৷ হেৰাই যোৱা পৰম্পৰাৰ ন্‌ত্য গীত সমুহৰ  সংৰক্ষিত কৰা উদ্দেশ্য লাংখন উৎসৱটো উদযাপন কৰি আহিছে বুলি চমু ভাষণত ইএম ডি উফিৎ মাচলাইয়ে উলেখ কৰে ৷

তিৱা