/asomiyapratidin/media/media_files/2026/01/18/cvhbnnjlkj-2026-01-18-20-23-11.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত অনুষ্ঠিত হব মহাৰজত জয়ন্তী। অঞ্চলটোৰ এচাম সমাজহিতৈষী আৰু দূৰদৃষ্টিসম্পন্ন ব্যক্তিৰ শ্ৰমৰ বিনিময়ত ১৯৫৩ বৰ্ষৰ ১৯ মার্চত এই বিদ্যালয়খনি স্থাপন কৰা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-20-24-24.jpeg)
এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তী পালনৰ পৰিকল্পনা আৰু প্ৰস্তুতি সম্পর্কে বিস্তৃত আলোচনা কৰাৰ উদ্দেশ্যে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ আহ্বানক্ৰমে আজি পুৱা ১০-৩০ বজাত এই বিদ্যালয়খনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-20-23-46.jpeg)
এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ৰজনী কলিতাৰ সভাপতিত্বত এই সভাখনি অনুষ্ঠিত কৰা হয়। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ গগন কলিতাই। উক্ত সভাত ন-পুৰণি ছাত্র-ছাত্রী,অভিভাৱক-অভিভাৱিকা, শিক্ষক-কর্মচাৰীকে ধৰি প্ৰায় ৬০-৭০ খন গাওঁৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজৰ বক্তব্য উত্থাপন কৰি মহাৰজত জয়ন্তী পালনৰ সিদ্ধান্তত উপনীত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-20-24-46.jpeg)
এই সভাতে ৩০-৪০ গৰাকী ব্যক্তিক সামৰি এখন আহ্বায়কমণ্ডলী গঠন কৰা হয়। অহা ২২ ফেব্ৰুৱাৰীত এই আহ্বায়কমণ্ডলীয়ে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us