/asomiyapratidin/media/media_files/2025/08/25/jalandhar-25-2025-08-25-20-23-09.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে বিয়লিৰ ভাগত জলন্ধৰৰ ছাৰ্জিকেল কমপ্লেক্সত থকা এটা দুগ্ধজাত সামগ্ৰীৰ ফেক্টৰিত এম’নিয়া গেছ নিৰ্গত হৈ এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হয়। গেছ নিৰ্গত হোৱাৰ সময়ত ফেক্টৰীটোৰ ভিতৰতে আছিল বহু কৰ্মচাৰী।
ফলত তেওঁলোক ফেক্টৰিৰ ভিতৰতে আৱদ্ধ হৈ পৰে। ইয়াৰ পিছতেই ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল আহি উক্ত স্থানত উপস্থিত হয় আৰু তৎক্ষণাৎ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নি নিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি তেওঁলোকে বিয়লি ৫-১৫ মিনিটত এই ঘটনাৰ খবৰ লাভ কৰিছিল।
এম’নিয়া গেছ নিৰ্গত হোৱাৰ ফলত ক’লা ধোঁৱাই গোটেই অঞ্চলটো আৱৰি ধৰে। ফলত ফেক্টৰিৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল বাহিৰলৈ ওলাই অহা অসম্ভৱ হৈ পৰে। উদ্ধাৰকাৰী অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে তেওঁলোকক উদ্ধাৰ কৰিবলৈ ফেক্টৰিৰ দেৱাল ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে আৰু এখন ক্ৰেণৰ সহায়ত প্ৰায় ২৫ ৰ পৰা ৩০ জন কৰ্মচাৰীক উদ্ধাৰ কৰে।
ইয়াৰ পিছতেই অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলিও অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। অৱশ্যে এতিয়ালৈকে এই ঘটনাৰ ক্ষয়, ক্ষতিৰ সবিশেষ তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই।