নিৰ্বাচনৰ পূৰ্বে কাছাৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ !

সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। তাৰ মাজতে ২১ ফেব্ৰুৱাৰীত কাছাৰ জিলাৰ পশ্চিম কাটিগড়াৰ বাংলাদেশ সীমান্তৰ নাতানপুৰলৈ অহাৰ সম্ভাৱনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

author-image
Asomiya Pratidin
New Update
2

 ডিজিটেল ডেস্কঃ সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। তাৰ মাজতে ২১ ফেব্ৰুৱাৰীত কাছাৰ জিলাৰ পশ্চিম কাটিগড়াৰ বাংলাদেশ সীমান্তৰ নাতানপুৰলৈ অহাৰ সম্ভাৱনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ভাৰত চৰকাৰৰ ‘ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম’ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে নাতানপুৰলৈ আহি গৃহমন্ত্ৰীৰ অনুষ্ঠানৰ স্থান পৰিদৰ্শন কৰে।

WhatsApp Image 2026-02-14 at 6.25.06 PM

উল্লেখ্য যে, ২১ ফেব্ৰুৱাৰীত গৃহ বিভাগৰ কেইবাজনো উদ্যোগপতি আৰু উচ্চ পৰ্যায়ৰ বিষয়ায়ো গৃহমন্ত্ৰীৰ সৈতে নাতানপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অনুষ্ঠানক কেন্দ্ৰ কৰি নাতানপুৰ অঞ্চলত ব্যাপক প্ৰস্তুতি চলি আছে। ইতিমধ্যে প্ৰস্তাৱিত সভাস্থলীত চলি আছে হেলিপেড নিৰ্মাণৰ কাম। স্থানীয় লোক তথা ভিডিপি সচিব দীপক দেবে আশা প্ৰকাশ কৰি কয় যে- স্বাধীনতাৰ পাছত প্ৰথমবাৰ কাটিগড়ালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সীমান্ত অঞ্চলত বিভিন্ন সমস্যা আছে আৰু এইবোৰ অমিত শ্বাহৰ উপস্থিতিত দাঙি ধৰিবলৈ চেষ্টা কৰা হ'ব। যেনে শিল্প প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ দাবী উত্থাপন কৰা হ'ব। তেওঁ আৰু কয়, সীমান্তৰ বিএছএফ জোৱানৰ সৈতেও আলোচনাত মিলিত  হোৱাৰ সম্ভাৱনা আছে গৃহমন্ত্ৰাগৰাকীৰ। 

গৃহমন্ত্ৰী অমিত শ্বাহ অমিত শ্বাহ