নিজক বচাবলৈ মিথ্যাচাৰৰ আশ্ৰয়! অমৃতপ্ৰভা-শেখৰক লৈ আৰু কঠোৰ হ'ব চি আই ডি...

তিনিদিনৰ ধাৰাবাহিক জেৰাৰ অন্তত বৃহস্পতিবাৰে নিশা জুবিন গাৰ্গৰ সহযোগী শিল্পী অমৃতপ্ৰভা মহন্ত আৰু চাৰিদিনৰ জেৰাৰ অন্তত বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে। এই দুয়োগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ তিনিদিনৰ ধাৰাবাহিক জেৰাৰ অন্তত বৃহস্পতিবাৰে নিশা জুবিন গাৰ্গৰ সহযোগী শিল্পী অমৃতপ্ৰভা মহন্ত আৰু চাৰিদিনৰ জেৰাৰ অন্তত বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে। এই দুয়োগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত অঘটন সংঘটিত হোৱাৰ দিনটোত উক্ত য়টখনত উপস্থিত আছিল। 

শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ সৈতে উক্ত দিনটোত সাতুৰি থকাৰ লগতে অমৃতপ্ৰভা মহন্তই এই সমগ্ৰ ঘটনাৰ ভিডিঅ' নিজ মোবাইলত আৱদ্ধ কৰিছিল। বৰ্তমান সামাজিক আৰু সংবাদমাধ্যমত প্ৰচাৰিত হৈ থকা জুবিন গাৰ্গৰ মৃত্যুৰ আগমূৰ্হুতৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰিছিল অমৃতপ্ৰভাই।

অভিযোগ উত্থাপিত হৈছে যে, এই ভিডিঅসমূহ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক অমৃতপ্ৰভাই প্ৰেৰণ কৰাৰ পাছতে খণ্ড খণ্ডকৈ ভিডিঅসমূহ ভাইৰেল কৰা হৈছিল। লক্ষ্যণীয়ভাৱে জুবিন গাৰ্গৰ সৈতে সংঘটিত হোৱা অঘটনটোৰ পাছতে একপ্ৰকাৰৰ আত্মগোপন কৰি মৌনব্ৰত পালন কৰি আছিল অমৃতপ্ৰভাই। কিন্তু অৱশেষত ছিংগাপুৰলৈ যোৱা লোকসকলৰ নাম ৰাজহুৱা হোৱাৰ পাছতহে চৰ্চালৈ আহে অমৃতপ্ৰভাৰ নাম।

আনফালে ছিংগাপুৰৰ পৰা উভতি আহিয়েই দুটা দিন নিজা ঘৰত আত্মগোপন কৰি থকাৰ পিছত শেখৰে সংবাদমাধ্যমৰ আগত বহু তথ্য ৰাজহুৱা কৰিছিল। মেনেজমেন্টলৈ দোষ ঠেলি দি নিজকে বচোৱাৰ বাবে চাফাই গাইছিল শেখৰে। অৱশেষত চাৰিদিনৰ জেৰাৰ অন্তত শেখৰক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে।

তদন্ত যিমানেই আগবাঢ়িছে সিমানেই চি আই ডিয়ে বহু বিস্ফোৰক তথ্য আহৰণ কৰিছে। সকলোকে পৃথকে পৃথকে জেৰা চলাইছে চি আই ডিয়ে। অমৃতপ্ৰভা আৰু শেখৰক পৃথকে পৃথকে জেৰা চলাওতে উক্ত দিনাৰ ঘটনাৰ বিৱৰণৰ মিল পোৱা নাই চি আই ডিয়ে। আত্মপক্ষ সমৰ্থনত দুয়োগৰাকীয়ে মিথ্যাচাৰৰ যে আশ্ৰয় লৈছে সেই কথাত পতিয়ন যোৱাৰ পাছতে চি আই ডিয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰে।

অমৃতপ্ৰভাই সমগ্ৰ ঘটনাৰ ভিডিঅ তেওঁৰ ফোনত সংগ্ৰহ কৰাৰ পাছতো কি উদ্দেশ্যেত খণ্ড খণ্ডকৈ সেইবোৰ সামাজিক মাধ্যমত এৰি দিছিল তাক লৈ চি আই ডিয়ে উত্তৰ বিচাৰিছে। জেৰাৰ প্ৰথম দিনটোতে অমৃতপ্ৰভাৰ ফোনটো জব্দ কৰিছিল চি আই ডিয়ে। 

বাদ্যযন্ত্ৰী শেখৰে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ পৰা দায় সাৰিবলৈ সংবাদমাধ্যমৰ আগত দিয়া বক্তব্য তদন্তকাৰী বিষয়াক প্ৰথমেই আহি কিয় অৱগত নকৰিলে সেই সন্দৰ্ভতো সোধ-পোচ অব্যাহত ৰাখিছে। সংবাদ মাধ্যমৰ আগত পূৰ্বে দিয়া বক্তব্য আৰু চি আই ডিৰ আগত দিয়া বক্তব্যৰ মাজত পাৰ্থক্যও ধৰা পেলাইছে তদন্তকাৰী বিষয়াই।

গ্ৰেপ্তাৰৰ পাছতে দুয়োগৰাকীক লৈ আৰু কঠোৰ জেৰা চলাব চি আই ডিয়ে। ১৮ছেপ্টম্বৰৰ নিশাৰ পাৰ্টিত জুবিন গাৰ্গৰ সৈতে কোন কোন আছিল তাৰ সন্দৰ্ভতো শেখৰক চলাইছে জেৰা। বৃহস্পতিবাৰে শেখৰ আৰু শ্যামকানুক মুখামুখিকৈ বহুৱাই উক্ত পাৰ্টিৰ সন্দৰ্ভতো দুয়োকে সোধপোচ কৰে। 

এই সকলোবোৰ ঘটনাৰ প্ৰেক্ষাপট অধ্যয়ন কৰি সমগ্ৰ তদন্তটো অধিক ক্ষীপ্ৰ কৰাৰ স্বাৰ্থত আজি দুয়োকে গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে। আনহাতে চি আই ডিৰ পৃথক পৃথক লকআপত ৰখা শ্যামকানু আৰু সিদ্ধাৰ্থকো জেৰা অব্যাহত ৰাখিছে। প্ৰাপ্ত তথ্য অনুসৰি, লকআপৰ ভিতৰত পৰিয়ালৰ লোকক লগ কৰিবলৈ নিদিয়াৰ বাবে অস্থিৰ হৈ পৰিছে শ্যামকানু। 

জুবিন গাৰ্গ