মন মাৰি আছে অমিতাভে

ধৰ্মেন্দ্ৰৰ লগত একেলগে কাম কৰা প্ৰতিটো সময় এতিয়া কেৱল স্মৃতি

author-image
Asomiya Pratidin
New Update
new ap web 6 (16)

ডিজিটেল ডেস্কঃ সুখ-দুখ, হাঁহি কান্দোন সামৰি কিছু বছৰ পূৰ্বে একেলগে ছবিসমূহত কাম কৰিছিল ধৰ্মেন্দ্ৰ লগত অমিতাভ বচ্ছনে। সেই অমিতাভে এতিয়া মন মাৰি সময় পাৰ কৰিছে। দিন-ৰাতি সকলো সময়তে কেৱল মনত পেলাইছে একালৰ বন্ধু ধৰ্মেন্দ্ৰলৈ। সকলো যেন পাহৰি পেলাইছে ধৰ্মেন্দ্ৰ নোহোৱা হৈ পৰাত। 

WhatsApp Image 2025-11-30 at 8.27.29 PM

১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰিছিল আজি পৰ্যন্তলৈ চৰ্চিত হৈ থকা শ্বোলে চিনেমাখনে। য'ত একেটা ফ্ৰেমত দুজন অভিনেতাক প্ৰত্যক্ষ কৰিছিল। সকলোৱে দুই যুটিক আইকনিক যুটি হিচাপে নামাকৰণ কৰিছিল । কেৱল শ্বোলে নহয় বহু কেইখন চিনেমা একেলগে কৰিছিল ধৰ্মেন্দ্ৰ-অমিতাভে। 

WhatsApp Image 2025-11-30 at 8.27.59 PM

উল্লেখ্য যে ধৰ্মেন্দ্ৰ-অমিতাভে কৰা ৭ খন ছুপাৰ-দুপাৰ হিট চিনেমা হৈছে- চুপকে-চুপকে, ৰাম-বলৰাম,হম কোন হায়, গুড্ডি, চৰণদাস, দাস্ত। এই আটাইকেইখন চিনেমাই চুপাৰ-দুপাৰ হিট।

 

শেহতীয়াকৈ অমিতাভে কৈছে যে  এই সময় তেওঁৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে। অত্যন্ত আৱেগিক হৈ পৰিছে তেওঁ। ধৰ্মেন্দ্ৰৰ লগত একেলগে কাম কৰা প্ৰতিটো সময় এতিয়া কেৱল স্মৃতি । এই দুখৰ বোজা কেনেদৰে সহিম ধৰিব পৰা নাই। এনেদৰে তেওঁ উল্লেখ কৰিছে। 

অমিতাভ বচ্চন