/asomiyapratidin/media/media_files/2025/12/06/whatsapp-2025-12-06-18-53-34.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। এই সংশোধনীৰ সময়ত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। অভিনেতা অমিতাভ বচ্চন মুম্বাইৰ ভোটাৰ নহয়। কেৱল তেওঁৱেই নহয়, তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰো নাম এই তালিকাত আছে। মুম্বাইত ভোটদান কৰিলেও অমিতাভ বচ্চন প্ৰকৃততে ঝান্সীৰ ভোটাৰ বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/post_attachments/hi/img/2025/12/2-2025-12-06t114357-212-1765007037-114368.jpg)
উল্লেখ্য যে, ২০০৩ চনৰ ভোটাৰ তালিকা অনুসৰি অমিতাভ আৰু তেওঁৰ পিতৃ ঝান্সীৰ এটা অঞ্চলৰ বাসিন্দা আছিল। সেই অঞ্চলৰ বাসিন্দা হোৱাৰ পাছতো কিন্তু সেই ঠাইত গৈ ভোটাধিকাৰ সাব্যস্ত কৰা দেখা নাযায় তেওঁলোকৰ পৰিয়ালক। তাতকৈ আশ্চৰ্যজনক কথাতো হ'ল যে, ভোটাৰ তালিকাত উল্লেখ কৰা ঠিকনাটোত ঘৰেই নাই তেওঁলোকৰ। সেই স্থানত ঘৰৰ পৰিৱৰ্তে আছে এটা মন্দিৰ। BLO ই এই তথ্য দাখিল কৰিছে জিলা প্ৰশাসনক। এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে। এই প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃততে কোন ঠাইৰ ভোটাৰ অমিতাভ বচ্চন।
/asomiyapratidin/media/post_attachments/images/newimg/11052025/11_05_2025-amitabh_bachchan_latest_post_1_23935398-390411.webp)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us