নিশা অমিত শ্বাহৰ অসম আগমন বাতিল

সোমবাৰে পুৱা ১০:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব। ভ্ৰমণসূচীৰ এই পৰিৱৰ্তনৰ পাছত কাইলৈৰ পৰাই তেওঁ পূৰ্বনিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নিশাৰ প্ৰস্তাৱিত অসম ভ্ৰমণসূচী সাময়িকভাৱে বাতিল কৰা হৈছে। প্ৰবল কুঁৱলীৰ বাবে বিমান চলাচলত ব্যাঘাত জন্মাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰীগৰাকীয়ে আজি নিশা গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও সেই যাত্ৰা স্থগিত ৰখা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, গৃহমন্ত্ৰীগৰাকী কাইলৈ অৰ্থাৎ সোমবাৰে পুৱা ১০:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব। ভ্ৰমণসূচীৰ এই পৰিৱৰ্তনৰ পাছত কাইলৈৰ পৰাই তেওঁ পূৰ্বনিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, এই ভ্ৰমণকালত তেওঁ নগাঁৱৰ ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ কথা। নিশাৰ যাত্ৰা বাতিল হ’লেও কাইলৈৰ কাৰ্যসূচীসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ প্ৰশাসনে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে।

গৃহমন্ত্ৰী অমিত শ্বাহ