/asomiyapratidin/media/media_files/2025/12/24/yjjtgr-2025-12-24-21-12-02.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ উদ্দেশ্যে অসম চৰকাৰৰ বিশেষ উদ্যোগত নিৰ্মাণ সম্পন্ন হোৱা 'বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প' (আৰ্বিভাৱ ক্ষেত্ৰ)টি অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/whatsapp-image-2025-12-24-21-12-25.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তীয়ে 'বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ (আৰ্বিভাৱ ক্ষেত্ৰ)ত উপস্থিত হৈ উদ্ধোধনী অনুষ্ঠানটিৰ সামগ্ৰিক প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেবযানী চৌধুৰী, কলিয়াবৰ সম-জিলাৰ সম-আয়ুক্ত ৰাজ বৰুৱা, ৰহা সম-জিলাৰ সম-আয়ুক্ত ড৹ অংকিতা বৰাৰ লগতে জিলাখনৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/whatsapp-image-2025-12-24-21-12-43.jpeg)
ইফালে মঙলবাৰে অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব তথা বিভাগটোৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে প্ৰকল্পস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে প্ৰকল্প স্থলীতে তেখেতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে অনুষ্ঠানৰ পোনপতীয়া সম্প্ৰচাৰ, সাংবাদিকসকলৰ প্ৰৱেশ তথা অন্যান্য কাৰিকৰী দিশসমূহৰ নিখুঁত পৰিচালনাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/whatsapp-image-2025-12-24-21-13-06.jpeg)
এই বৈঠকত তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া, অতিৰিক্ত আয়ুক্ত সুদীপ নাথকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আনহাতে, ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰী, উপ সঞ্চালক প্ৰাণজিৎ হাজৰিকা, এল.অ' মণিমালা গগৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া প্ৰকল্প স্থলীত উপস্থিত হৈ সাংবাদিক সকলৰ প্ৰৱেশ পত্ৰৰ লগতে সম্প্ৰচাৰৰ সুব্যৱস্থাৰ সন্দৰ্ভত জিলা আয়ুক্ত গৰাকীৰ লগত এক বৈঠকত মিলিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us