/asomiyapratidin/media/media_files/2026/01/30/casdasas-2026-01-30-08-54-37.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা ১ বজাত অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী। এই ভ্ৰমণকালত তেওঁ একাধিক চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ লগতে ৰাজহুৱা সভা সম্বোধন কৰিব। নিশা ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে তেওঁ মনোহৰী ৰিজৰ্টত নিশা কটায়। ভ্ৰমণকালত তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে সাক্ষাৎ কৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচনী কৌশল সন্দৰ্ভত আলোচনা কৰিব বুলিও জানিব পৰা গৈছে।
আনহাতে, শুকুৰবাৰে পুৱা ১১ বজাত ডিব্ৰুগড় চহৰত অসম বিধানসভাৰ দ্বিতীয়টো কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। প্ৰায় ২৮৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোত বিধানসভা ভৱন, বিধায়ক হোষ্টেল, ৮০০ আসনযুক্ত প্ৰেক্ষাগৃহ আৰু ৪০০ জনীয়া বেৰেক থাকিব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ মতে, প্ৰায় ৩০ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব।
ইয়াৰ লগতে ডিব্ৰুগড়ত আধুনিক বহুবিষয়ক ক্ৰীড়া কমপ্লেক্সৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ২৩৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ইনড’ৰ ষ্টেডিয়াম, চুইমিং পুল, ফুটবল খেলপথাৰ, মেইন গেলেৰী, টেনিছ, ভলীবল আৰু বাস্কেটবল ক’ৰ্টৰ লগতে হোষ্টেলসহ প্ৰথম পৰ্যায়ৰ প্ৰকল্পটো উদ্বোধন কৰা হ’ব। তাৰ পিছত তেওঁ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব, য’ত ৩০ হাজাৰ লোক বহিব পৰা অতিৰিক্ত ৰাজহুৱা আসন, কেন্দ্ৰীয় খেলপথাৰ, এথলেটিক ট্ৰেক আৰু লিফ্ট থাকিব। এই পৰ্যায়ৰ বাবে প্ৰায় ২০৯ কোটি টকা ব্যয় হ’ব।
আনহাতে, অমিত শ্বাহে ডিব্ৰুগড় জিলাৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰতিষ্ঠানটোৱে বন্যপ্ৰাণীৰ গৱেষণা আৰু নিদানমূলক প্ৰচেষ্টাক শক্তিশালী কৰাৰ লগতে উন্নত নীতিগত হস্তক্ষেপৰ বাবে এক ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি আঁচনিৰ অধীনত অসমৰ জলাশয়সমূহ পুনৰুদ্ধাৰ আৰু সজীৱ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও প্ৰকল্পৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
ডিব্ৰুগড়ত শ্বাহৰ সকলো কাৰ্যসূচী কেন্দ্ৰীয়ভাৱে খনিকৰ পেৰেড খেলপথাৰত আয়োজন কৰা হ’ব। প্ৰকল্পসমূহ উদ্বোধনৰ পিছত তাতেই তেওঁ ৰাজহুৱা সভাত ভাষণ দিব। ডিব্ৰুগড়ৰ অনুষ্ঠান সম্পন্ন কৰাৰ পিছত অমিত শ্বাহে ধেমাজি জিলা অভিমুখে যাত্ৰা কৰি মিছিং সম্প্ৰদায়ৰ সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব। তেওঁ মিছিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে যোগদান কৰিব।
ইফালে, সন্ধিয়া তেওঁ গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিব আৰু ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব। দুদিনীয়া অসম ভ্ৰমণৰ সামৰণি পৰাৰ পিছত সন্ধিয়া প্ৰায় ৭ বজাত তেওঁ পশ্চিম বংগলৈ ৰাওনা হ’ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল আৰু বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দুয়োদিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us