/asomiyapratidin/media/media_files/2025/08/20/loksabha-2025-08-20-15-08-25.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীয়েই হওঁক বা, মুখ্যমন্ত্ৰীয়েই হওঁক অথবা আন কোনো মন্ত্ৰীয়েই হওঁক, কোনোবাই যদি একেৰাহে ৩০ দিন কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হয় তেন্তে তেনে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা হ’ব। বুধবাৰে এনে এক বিলেই লোকসভাত উত্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত বিৰোধীৰ বিৰোধিতাৰ মাজতেই উত্থাপন কৰে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক। এই সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী যিয়েই যি কাৰণতে নহওঁক ৩০ দিনতকৈ অধিক কাৰাগাৰত থাকিবলগীয়া হলে তেওঁক মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰা হ’ব।
বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াৰ জৰিয়তে বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চি পি আই (এম)কে ধৰি সকলো বিৰোধী দলে একত্ৰিতভাৱে এই বিধেয়কৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰিছে।
বিধেয়কখনৰ কিয় বিৰোধিতা কৰিছে বিৰোধীয়ে?
অৱশ্যে বিৰোধীয়ে এই বিধেয়কৰ বিৰোধিতা কৰাৰ কাৰণ নথকা নহয়। এন ডি এ ক্ষমতালৈ অহাৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীৰ বিৰুদ্ধে নানান অভিযোগেৰে গ্ৰেপ্তাৰ কৰাৰ উদাহৰণ আছে।
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। একেদৰে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণিষ চিছোদিয়া, PWD ৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈন আদিকো গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।
এইসকলক দুৰ্নীতি, কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এই গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি দাবী কৰি আহিছে বিৰোধী দলসমূহে। বিৰোধীৰ এই দাবীক এক প্ৰকাৰে যেন মান্যতাও প্ৰদান কৰিলে ন্যায়ালয়ে!
কিয়নো দিল্লীৰ পূৰ্বৰ PWD মিনিষ্টাৰ সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত ৪ বছৰে তদন্ত কৰিও কোনো প্ৰমাণেই দাখিল কৰিব নোৱাৰিলে চি বি আইয়ে। অথচে দুৰ্নীতিৰ গোচৰত তেওঁ ৯০০ দিন কাৰাগাৰত থাকিবলগীয়া হ’ল।
সেয়ে আজি অমিত শ্বাহে উত্থাপন কৰা এই বিধেয়কখনৰ বিৰোধিতা কৰিছে বিৰোধীয়ে। বিৰোধীৰ অভিযোগ এই বিধেয়ক আইনত পৰিণত হ’লে ইয়াক ৰাজনৈতিক উদ্দেশ্যতে ব্যৱহাৰ কৰাৰ আশংকা আছে।
বিধেয়কখনৰ সন্দৰ্ভত কোনে কি ক’লে?
তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ যুৱ নেতা অভিষেক বেনাৰ্জীয়ে অভিযোগ কৰিছে, কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক দায়িত্ব পালন কৰা নাই। কোনো ধৰণৰ জবাবদিহিতা নোহোৱাকৈ ক্ষমতা আৰু সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ লাভৰ চেষ্টা চলাইছে কেন্দ্ৰই।
তেওঁ এই বিধেয়কখনৰ জৰিয়তে বিজেপি নেতৃত্বৰ স্বৈৰাচাৰী মনোভাৱ প্ৰকাশ পাইছে বুলিও উল্লেখ কৰিছে। আনহাতে চি পি এমৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ফেচিষ্ট আচৰণৰ প্ৰকাশ কৰিছে বুলি সমালোচনা কৰিছে।