/asomiyapratidin/media/media_files/2025/08/28/sassss-2025-08-28-13-44-19.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ। ২৮আগষ্ট ২০২৫, বৃহস্পতিবাৰে সন্ধিয়া ৭.৩৫বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বি এছ এফৰ এখন বিমানেৰে গুৱাহাটীত উপস্থিত হৈয়ে তেওঁ পোনে পোনে যাব অসম ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়লৈ। তাতেই কৰ্মকতাসকলৰ সৈতে এখন সভাত অংশ লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে নিশাৰ আহাৰ গ্ৰহণ কৰিব।
এই দুদিনীয়া ভ্ৰমণসূচীৰ সবিশেষ এনেধৰণৰঃ-
২৮আগষ্ট, ২০২৫
আবেলি ৪.৩০বজাঃ ৬(এ) কৃষ্ণা মেনন লেণ্ড, নতুন দিল্লীৰ পৰা বাহনেৰে পালমালৈ ৰাওনা হব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
আবেলি ৪.৫৫বজাঃ বি এছ এফৰ বিমানেৰে পালমাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা।
সন্ধিয়া ৭.৩৫বজাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত।
নিশা ৮.১০ বজাতঃ বশিষ্ঠ চাৰিআলিত থকা অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হব। নিশা ৯.১০বজালৈকে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মিলিত হ'ব বৈঠকত।
নিশা ৯.১০-৯.৪০বজাতঃ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে নৈশ আহাৰ গ্ৰহণ।
নিশা ৯.৪৫ বজাতঃ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা কইনাধৰা চৰকাৰী অতিথিশালালৈ ৰাওনা। তাতেই নিশা কটাব তেওঁ।
২৯আগষ্ট, ২০২৫
পুৱা ১১.০০বজাতঃ কইনাধৰা চৰকাৰী অতিথিশালাৰ পৰা ৰাজভৱন অভিমুখে ৰাওনা।
দিনৰ ১১.৩০ৰ পৰা ১.০০বজাতঃ ৰাজভৱনত আয়োজিত শিলান্যাস আৰু অন্যান্য় উন্নয়ন প্ৰকল্পৰ উদ্বোধন।
দিনৰ ১.০৫বজাতঃ ৰাজভৱনৰ পৰা ৰাওনা হ'ব কইনাধাৰাৰ চৰকাৰী অতিথিশালালৈ। তাতেই তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।
দিনৰ ২.০৫বজাতঃ কইনাধাৰাৰ পৰা পশু চিকিতসালয় মহাবিদ্যালয়ৰ খেলপথাৰলৈ ৰাওনা। তাতেই তেওঁ এক সভাত অংশ ল'ব।
আবেলি ৩.৫০বজাতঃ খানাপাৰা খেলপথাৰৰ গৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ'ব। তাত আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ এক অনুষ্ঠানত অংশ ল'ব।
আবেলি ৫.৩৫বজাতঃ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ দিল্লীলৈ ৰাওনা।