নতুন দিল্লীত অমিত শ্বাহক সাক্ষাৎ ইউ পি পি এলৰ প্ৰতিনিধি দলৰ

ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে জনাই যে, তেওঁলোকৰ মূল দাবী আছিল ২০২৫ চনৰ জানুৱাৰীত স্বাক্ষৰিত হোৱা ঐতিহাসিক ৩য় বড়ো চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নতুন দিল্লীঃ ইউ পি পি এল দলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত যোৱা এই ১২ জনীয়া প্ৰতিনিধি দলটোৱে বড়োভূমিৰ বিভিন্ন সমস্যাক লৈ গৃহমন্ত্ৰীৰ সৈতে বিতং আলোচনাত মিলিত হয়।

WhatsApp Image 2025-12-18 at 6.57.57 PM

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে জনাই যে, তেওঁলোকৰ মূল দাবী আছিল ২০২০ চনৰ জানুৱাৰীত স্বাক্ষৰিত হোৱা ঐতিহাসিক ৩য় বড়ো চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ। তাৰোপৰি তেওঁ স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আজিৰ বৈঠকত জনজাতিকৰণৰ বিষয়টো লৈ কোনো আলোচনা হোৱা নাই।

WhatsApp Image 2025-12-18 at 6.58.00 PM

জনজাতিকৰণৰ বিষয়টোক তেওঁ এক অতি স্পৰ্ষকাতৰ বিষয় বুলিও অভিহিত কৰে। ইউ পি পি এলে বিচাৰে যে, অসম চৰকাৰে এই ক্ষেত্ৰত সংশ্লিষ্ট দুয়োপক্ষৰ সৈতে আলোচনা কৰি এক গ্ৰহণযোগ্য আৰু সুপৰিকল্পিত মীমাংসা কৰক।

উল্লেখযোগ্য যে, এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰমোদ বড়োৰ উপৰিও দলৰ দুই সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌড়া নাৰ্জাৰীসহ মুঠ ১২ জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

WhatsApp Image 2025-12-18 at 6.57.58 PM

ইউপিপিএল