/asomiyapratidin/media/media_files/2025/11/27/ujjjdd-2025-11-27-11-40-51.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ পাছতে যেন আত্মবিশ্বাস বৃদ্ধি পাইছে বিজেপিৰ। বিহাৰ বিজেপি বিধায়কসকলৰ সৈতে এক বৈঠকত অংশ গ্ৰহণ কৰি অমিত শ্বাহে এইবাৰ বংগ দখলৰ হুংকাৰ প্ৰদান কৰিলে।
অমিত শ্বাহে ঘোষণা কৰিলে যে, এইবাৰ বংগতো বৃহৎ এক পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনৰ বাবে দিন-ৰাতি একাকাৰ কৰি আমাৰ কাৰ্যকতা সকলে কাম কৰি আছে। অচিৰেই ইয়াৰ ফল দেখিব দেশবাসীয়ে। ' অমিত শ্বাহে লগতে কয় যে, যতেই আমাৰ শক্তি কম, তাতেই এতিয়া আমি শক্তিশালীভাৱে কাম কৰিম।
অমিত শ্বাহে লগতে দলৰ সকলো শ্ৰেণীৰ কাৰ্যকতাক ঐকান্তিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। বংগৰ বিজেপি নেতৃত্বক দলৰ সৈতে সকলো শ্ৰেণীৰ নাগৰিকক সংযুক্ত কৰাৰ পৰামৰ্শ প্ৰদান কৰে। বংগত আগন্তুক নিৰ্বাচনত যাতে বিজেপিয়ে শাসন লাভ কৰিব পাৰে, সেই লক্ষ্যক আগত ৰাখি কাম কৰিবলৈ আহ্বান জনায় শ্বাহে।
উল্লেখ কৰা প্ৰয়োজন যে, পশ্চিম বংগত ২০১১চনক পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী আসনত আছে তৃণমুল কংগ্ৰেছৰ মমতা বেনাৰ্জী। তৃণমূল কংগ্ৰেছক প্ৰতিটো নিৰ্বাচনতে প্ৰতিহত কৰিবলৈ ন ন ৰণকৌশল প্ৰস্তুত কৰি আহিছে যদিও প্ৰতিবাৰে বিফল হৈছে বিজেপি। কিন্তু এইবাৰ অধিক অগ্ৰাসী ৰূপত নামিছে বিজেপি।
২০২৪ৰ লোকসভা নিৰ্বাচনত ১২খন আসন দখল কৰাৰ পিছতে বিজেপিৰ মনোবল অধিক বৃদ্ধি পাইছে বংগত। যাৰ বাবে এইবাৰৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে এতিয়াৰে পৰাই আৰম্ভ কৰি দিছে কুছকাৱাজ। বিজেপিৰ শীৰ্ষ নেতৃত্বইও দলৰ সকলো নেতা-কৰ্মীক সমৰ্পিত মনোভাৱেৰে বংগৰ যুঁজত নামিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us