/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-09-31-15.jpg)
ডিজিটেল ডেস্কঃ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আজি নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। কইনাধৰাত নিশাটো কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, সোমবাৰে পুৱা ১০.১৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যাব শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। শ্বহীদ স্মাৰকত গৃহমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি।তাৰ পাছত হেলিকপ্টাৰযোগে উপস্থিত হ’ব বটদ্ৰৱাত। নগাঁৱৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। ১১.৩০ বজাত অমিত শ্বাহে মুকলি কৰিব বৰদোৱা প্ৰকল্প। এই প্ৰকল্প মুকলি কৰাৰ পাছতে তেওঁ সম্বোধন কৰিব এক বিশাল জনসভাক। বিয়লি ২.৩০ বজাত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। আবেলি ৩.৩০ বজাত খানাপাৰাত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ মুকলি কৰিব অমিত শ্বাহে। সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব অমিত শ্বাহে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰ খন আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২৯ ডিচেম্বৰৰ আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/webp-2025-12-28-09-32-25.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/images-14-2025-12-28-09-32-05.jpg)