/asomiyapratidin/media/media_files/2026/02/19/whatsapp-2026-02-19-17-56-20.jpeg)
ডিজিটেল সংবাদ,শিলচৰঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন । যাৰ বাবে ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । ইতিমধ্যে কেন্দ্ৰীয় নেতাসকলৰো আগমন হৈছে অসমলৈ । তাৰ মাজতে ৩ দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ৯ বজাত কলকাতাৰ পৰা বিমানেৰে আহি কুম্ভীৰ গ্ৰাম বিমানবন্দৰত অৱতৰণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। উদাৰবন্দৰ দয়াপুৰস্থিত চি আৰ পি এফৰ অতিথিশালাত নিশাটো কটাব অমিত শ্বাহে। কুম্ভীৰ গ্ৰাম বিমানবন্দৰত অমিত শ্বাহক আদৰিবলৈ আজি সন্ধিয়া মুখ্যমন্ত্ৰী কুম্ভীৰ গ্ৰামত উপস্থিত হ'ব। কাটিগড়াতৰ ভাৰত বাংলাদেশ সীমান্তলৈ প্ৰথম বাৰলৈ গৃহমন্ত্ৰীগৰাকীৰ আগমণক লৈ ব্যাপক উৎসাহ দেখা গৈছে বিজেপি কাৰ্যকৰীতা সকলৰ মাজত।
/asomiyapratidin/media/post_attachments/5C0C/production/_133146532_gettyimages-1950952517-501219.jpg)
কাইলৈ অৰ্থাৎ শুকুৰবাৰে গৃহমন্ত্ৰী গৰাকী কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তৰ নাতানপুৰলৈ যাব আৰু তাতে নাতানপুৰ বিএছএফ কেম্পত ভাইব্ৰেন্ট ভিলেজ -২ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অসমৰ লগতে দেশৰ ১৫ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাইব্ৰন্ট ভিলেজৰো ৰিমৰ্ট টিপি ভাৰ্ছুৱেলী উদ্বোধন কৰিব অমিত শ্বাহে। লগতে বিএছ এফ আৰু স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/91520ca3-d8a.png)
ইয়াৰ পাছত বিশাল জনসভাত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে। এই অনুষ্ঠানত গৃহমন্ত্ৰীক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অসমৰ কেইবাগৰাকী মন্ত্ৰী সাংসদে। শুকুৰবাৰে কাটিগড়াৰ নাতানপুৰত ভাইব্ৰেন্ট ভিলেজত ২ ৰ উদ্বোধন কৰাৰ পাছত অমিত শ্বাহ কুম্ভীৰ গ্ৰাম বিমান বন্দৰলৈ উভতি যাব আৰু তাৰপৰাই তেওঁ পোনে পোনে ত্ৰিপুৰালৈ যাত্ৰা কৰিব।গৃহ মন্ত্ৰীগৰাকীয়ে শনিবাৰে গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত চি আৰ পি এফৰ বাৰ্ষিক দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব । প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত এই পেৰেড অনুষ্ঠিত কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/ba625f4d-2eb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us