/asomiyapratidin/media/media_files/2026/01/28/1-2026-01-28-16-06-57.jpg)
ডিজিটএল ডেস্কঃ ২০২৫ বৰ্ষৰ ঠিক নৱেম্বৰ মাহৰ পৰা অসমলৈ কেন্দ্ৰীয় নেতাৰ সোঁত প্ৰবল হোৱা পৰিলক্ষিত হৈছে। জানুৱাৰী মাহৰ ১৭ তাৰিখলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাৰিবাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিবাৰ ভ্ৰমণ কৰিছে অসম। এতিয়া কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/image-57-2026-01-28-16-08-21.png)
উল্লেখ্য যে,ডিব্ৰুগড়ত নিশা কটাব গৃহমন্ত্ৰীগৰাকীয়ে। কেইবাটাও প্রকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপনৰ লগতে জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ইপিনে ৩০ জানুৱাৰীত সন্ধিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us