অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেইবাটাও কাৰ্য্যসূচী হাতত লৈ উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। ঘন কুৱঁলীৰ বাবেই অসমত বিমান অৱতৰণ কৰাত পলম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীৰ বৰঝাৰত অৱতৰণ গৃহমন্ত্ৰীৰ বিমান।এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।কেইবাটাও কাৰ্য্যসূচী হাতত লৈ উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। ঘন কুৱঁলীৰ বাবেই অসমত বিমান অৱতৰণ কৰাত পলম হয়।

ইপিনে ঘন কুৱঁলীৰ বাবে ঘাইপথেৰে যাত্ৰা কৰাৰ সম্ভাৱনা  গৃহমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। 

images (20)

মুকলি কৰিব ICSS আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। লগতে মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। লগতে গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব বৰাগাওঁস্থিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ও।

images (21)

বটদ্ৰৱা গৃহমন্ত্ৰী অমিত শ্বাহ অমিত শ্বাহ