অচিৰেই মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম...

অচিৰেই মুকলি আকাশৰ তললৈ আহিব এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম।  দেশদ্ৰোহী মন্তব্য কৰি প্ৰায় ২১৭দিনৰ কাৰাগাৰত বন্দী হৈ থকা বিধায়কগৰাকীৰ মুকলি আকাশৰ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ অচিৰেই মুকলি আকাশৰ তললৈ আহিব এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম।  দেশদ্ৰোহী মন্তব্য কৰি প্ৰায় ২১৭দিনৰ কাৰাগাৰত বন্দী হৈ থকা বিধায়কগৰাকীৰ মুকলি আকাশৰ তললৈ অহাৰ কথা ৰাজহুৱা কৰিলে সতীৰ্থ বিধায়ক আশ্ৰাফুল হুছেইনে। 

ইতিমধ্যে আমিনুল ইছলামক ২৭নৱেম্বৰ, ২০২৫ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে দোষমুক্ত ঘোষণা কৰিছে। বিধায়কগৰাকীক অচিৰেই মুক্তি দিবলৈও নিৰ্দেশ প্ৰদান কৰিছে আদালতে। দীৰ্ঘদিন কাৰাগাৰত বন্দী হৈ থকা বিধায়কগৰাকীক মুক্তিক লৈ আশ্ৰাফুল হুছেইনে সামাজিক মাধ্যমত লিখিছে এনেদৰে- 

মুকলি আকাশৰ তললৈ আহিব কাৰাবন্দী বিধায়ক হাজী আমিনুল ইছলাম। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপিঠে হাজী আমিনুল ইছলামক দোষমুক্ত ঘোষণা কৰাৰ লগতে জেলৰ পৰা মুকলি কৰিবলৈ ৰায় দিয়ে। হাজী আমিনুল ইছলাম চাহাবৰ হৈ অধিবক্তা শান্তনু বৰঠাকুৰৰ নেতৃত্বত দীৰ্ঘদিনে এই আইনী যুজঁ চলিছিল। ৰাজনৈতিক কাৰণত ২১৭ দিন কাৰাবন্দীত্বৰ জীৱন! কোনে উভতাই দিব এই দিনবোৰ? কিয় এইধৰণৰ ৰাজনৈতিক অতিশয্যা?
উল্লেখ কৰা প্ৰয়োজন যে, পুলৱামা কাণ্ডক লৈ বিৰ্তকিত মন্তব্য কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল ধিঙৰ বিধায়কগৰাকীক। 
বিধায়ক আশ্ৰাফুল হুছেইন বিধায়ক