/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-2025-11-20-20-14-45.jpeg)
ডিজিটেল সংবাদ, আমগুৰিঃ শিৱসাগৰৰ আমগুৰিবাসীৰ বাবে গৌৱৰ তথা আনন্দৰ দিন। আমগুৰি পৌৰসভাৰ জাৱৰ নিষ্কাশন প্রকল্পৰ শুভ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বহুদিন ধৰি আমগুৰিবাসীৰ দাবী আছিল জাৱৰ নিষ্কাশনৰ আধুনিক ব্যৱস্থাৰ। সেয়েহে আমগুৰি পৌৰসভাত জাৱৰ নিষ্কাশন প্রকল্পৰ উদ্বোধন কৰা হয় । অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে অসমৰ প্ৰায় প্ৰতিখন চহৰতে জাৱৰ নিষ্কাশন সমস্যা এক গুৰুত্বপূর্ণ সমস্যা। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সকলো পৌৰসভাত আধুনিক নিষ্কাশন প্রকল্প আৰম্ভ কৰিছে।
উল্লেখ্য যে আমগুৰিত উদ্বোধন হোৱা এই প্রকল্পটোৱেও তেনে উদ্যোগৰে এটা অংশ। লগতে জাৱৰ নিষ্কাশনৰ ইতিবাচক দিশটোও দাঙি ধৰে। আমগুৰি পৌৰসভাৰ নতুন জাৱৰ নিষ্কাশন প্রকল্প চহৰখনৰ বাবে এক অত্যন্ত ধনাত্মক পদক্ষেপ। আধুনিক প্রযুক্তিৰ সহায়ত গঠিত এই নিষ্কাশন ব্যৱস্থাই চহৰত জলাবদ্ধতা হ্ৰাস, পৰিৱেশ দূষণ নিয়ন্ত্ৰণ আৰু স্বাস্থ্য সম্বন্ধীয় সমস্যা কমাবলৈ সহায় কৰিব। মুখ্যমন্ত্ৰীৰ নগৰ উন্নয়ন উদ্যোগৰ অংশ হিচাপে এই প্রকল্পটোৱে আমগুৰিৰ উন্নয়ন গতিশীল কৰি নাগৰিকসকলৰ দৈনন্দিন জীৱনত স্বস্তি আনিব বুলি আশা প্ৰকাশ কৰে।
তাৰোপৰি উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে যে অতি শীঘ্ৰই আমগুৰি চহৰত পানী যোগান আঁচনিও আৰম্ভ হ'ব। এই আঁচনিৰ বাবে প্ৰায় ১৪ কোটি টকা ব্যয় হ'ব আৰু আঁচনি সম্পূৰ্ণ হ'লে চহৰৰ প্ৰায় ২ হাজাৰ পৰিয়ালৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধান হ'ব। তেওঁ আশা প্ৰকাশ কৰে যে জাৱৰ নিষ্কাশন প্রকল্প আৰু পানী যোগান আঁচনিৰ সফল বাস্তৱায়নে আমগুৰি চহৰৰ সমগ্ৰ পৰিৱেশ আৰু জনজীৱন উন্নত কৰাৰ দিশত যথেষ্ট ভূমিকা পালন কৰিব। জাৱৰ নিষ্কাশন প্রকল্পটোৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় - এই আধুনিক ব্যৱস্থাই চহৰত পৰিৱেশ দূষণ হ্ৰাস কৰাত সহায় কৰাৰ লগতে বৰষুণৰ সময়ত জলাবদ্ধতাৰ সমস্যা সমাধানতো সহায় কৰিব। স্থানীয় লোকসকলৰ সহযোগিতা আৰু চৰকাৰী বিভাগসমূহৰ সমন্বয়ত এই প্ৰকল্প সফল হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰাণিধানযোগ্য যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখনৰ সামগ্ৰিক উন্নয়নে আজি এক নতুন দিশ লয়। ৰাজ্যখনৰ প্রতিটো খণ্ডত ৰাস্তা-ঘাট নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, পৰ্যটন, উদ্যোগকে আদি কৰি সকলো দিশতে বিকাশৰ এক নতুন অধ্যায় লিখে। অসমখন আজি এনে এক পৰ্যায়লৈও উপনীত হৈছে য'ত গাঁৱে-গাঁৱে বৈদ্যুতিকৰণ, চহৰৰ আধুনিকীকৰণ, পৰিসেৱাৰ ডিজিটালাইজেচন এই সকলোখিনিয়ে অসমক নতুন ৰূপত গঢ়ি তুলিছে। অতি কম সময়ৰ ভিতৰত আজিৰ অসমখন ভাৰতৰ এখন আগশাৰী ৰাজ্য হিচাপে পৰিগণিত হ'ব। লগতে পৌৰসভাৰ কৰ্মী সকলৰ মাজতো আশাৰ বতৰা দিয়ে মন্ত্ৰী গৰাকীয়ে। অসম বিধানসভাত পৌৰসভাৰ কৰ্মীসকলৰ প্ৰাধিকৰণ সন্দৰ্ভত গুৰুত্বপূর্ণ বিল দাখিল কৰাৰ পিছতেই ৰাজ্যজুৰি এহাজাৰৰো অধিক কৰ্মীয়ে লাভ কৰিব স্থায়ী পদ। আগন্তুক ডিচেম্বৰ মাহতেই এই বৃহৎ প্ৰাধিকৰণ প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি জনাইছে নগৰ বিকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us