/asomiyapratidin/media/media_files/2025/08/27/ikkk-2025-08-27-08-33-37.jpg)
ডিজিটেল ডেস্কঃবুধবাৰৰ পৰা ভাৰতীয় আমদানিৰ ওপৰত কাৰ্যকৰী হ’ব আমেৰিকাইআৰোপ কৰা ৫০ শতাংশ শুল্ক! সোমবাৰে এই কথা সদৰি কৰিছিল মাৰ্কিন গৃহ নিৰাপত্তা বিভাগে। মন কৰিবলগীয়া যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বন্ধু’ ড’নাল্ড ট্ৰাম্পে ভাৰতৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছিল।
আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে শুল্ক আৰোপৰ বিষয়ে সদৰী কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি, নতুন শুল্ক ''২০২৫ চনৰ ২৭ আগষ্টৰ পুৱা ১২:০১ বজাত বা তাৰ পিছত আমদানিৰ বাবে প্ৰৱেশ কৰা বা গুদামৰ পৰা আঁতৰোৱা” সকলো সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইফালে, আমেৰিকাৰ শুল্ক আৰু সীমান্ত সুৰক্ষাই জনোৱা মতে, ট্ৰাম্পৰ নিৰ্দেশৰ পিছতে এই শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
বিবৃতিত কোৱা হৈছে, “ৰাছিয়াৰ এই কাৰ্য্যই আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ প্ৰতি অস্বাভাৱিক আৰু অত্যধিক ভাবুকি কঢ়িয়াই আনিছে, আৰু ভাৰতেপ্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাছিয়াৰ তেল আমদানি কৰি আছে।” উল্লেখ্য যে, যোৱা ৬ আগষ্টত ট্ৰাম্পে কাৰ্যবাহী আদেশ জাৰি কৰি অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপেৰে ভাৰতৰআমদানিৰ ওপৰত মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল।
এই সন্দৰ্ভত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ট্ৰাম্পে ৰাছিয়াই নিজৰ তেল অৰ্থনীতিৰ পৰা লাভৱান হোৱাটো কঠিন কৰি তুলিবলৈ আৰু ইউক্ৰেইনত আক্ৰমণ বন্ধ কৰিবলৈ “আক্ৰমণাত্মক অৰ্থনৈতিক হেঁচা” প্ৰয়োগ কৰিছে। মন কৰিবলগীয়া যে, ২৭ আগষ্টৰ নিশা ১২:০১ বজাৰ পিছতব্যৱহাৰ কৰা বা মজুতকৰণৰ পৰা আঁতৰোৱা সকলো সামগ্ৰীৰ ওপৰত এই নতুন শুল্ক কাৰ্যকৰী হ’ব। অৱশ্যে কিছুমান সামগ্ৰী,যেনে যাত্ৰীবাহী গাড়ী, লোহা, তীখা, তাম, ঔষধ আৰু ইলেক্ট্ৰনিক সামগ্ৰী আদি শুল্কৰ পৰা ৰেহাই দিয়া হৈছে।
অন্যহাতে, ভাৰতে ৰাছিয়াৰতেল ক্ৰয় কৰি ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধন আগবঢ়াইছে বুলি আমেৰিকাৰ অভিযোগ অস্বীকাৰ কৰি নতুন দিল্লীয়ে “গৌণ শুল্ক”ক অন্যায় আৰু অযুক্তিকৰ বুলি অভিহিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়যে ভাৰতে “জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।” ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে লগতে কয় যে “ভাৰতীয় কোম্পানীয়ে য’ৰ পৰাই উত্তম চৰ্ত পাব তাতেই তেল ক্ৰয় কৰি থাকিব।”
ইফালে, ট্ৰাম্পৰ শুল্ক আৰোপৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়েও। তেওঁ কৈছিল, “আমাৰ বাটত যিকোনো চাপ সহ্য কৰিব পৰাকৈ আমি আমাৰ সামৰ্থ্য বৃদ্ধি কৰিম।” তেওঁ লগতে কয়, “মোৰ চৰকাৰে কেতিয়াও ক্ষুদ্ৰ উদ্যোগী, কৃষক বা পশুপালকক ক্ষতিগ্ৰস্ত হ’বলৈ নিদিয়ে।”