মোডীয়ে মোক ফোন কৰাৰ পাছতে পাকিস্তানলৈ মই ফোন লগাইছিলো...

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আকৌ আৰম্ভ কৰিলে নাটক। অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰাম্পলৈ ফোন কৰি যুদ্ধ সমাপ্তি কৰিবলৈ পাকিস্তানৰ সৈতে

author-image
Asomiya Pratidin
New Update
trunmmd

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আকৌ আৰম্ভ কৰিলে নাটক। অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰাম্পলৈ ফোন কৰি যুদ্ধ সমাপ্তি কৰিবলৈ পাকিস্তানৰ সৈতে কথা পতাৰ অনুৰোধ কৰা বুলি পুনৰ দোহাৰিলে ট্ৰাম্পে।

Advertisment

ট্ৰাম্পে কয় যে, মই কোনো মিছা কথা নাই। মোডীয়ে মোলৈ ফোন কৰাতো সচাঁ কথা। তেওঁ মোক যুদ্ধৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে কথা পতাৰ বাবে অনুৰোধ কৰিছিল ফোনত।'  ট্ৰাম্পে পুনৰ এই দাবী কৰিছে হোৱাইট হাউচৰ কেবিনেট বৈঠকৰ সময়ত। 

ট্ৰাম্পে লগতে কয় যে, দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মই কথা পাতিছিলো। প্ৰথমে ভাৰতৰ সৈতে কথা পাতিছিলো। মই ভাৰতক কৈছিলো যে, যুদ্ধ বিৰতি যদি কৰা নহয়, তেন্তে ভাৰতৰ সৈতে কোনো বেপাৰ আমি নকৰো। তাৰ পিছতে মই ফোন কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক।

ট্ৰাম্পে কয়,  পাকিস্তানকো মই ক'লো যে, যদি যুদ্ধ বিৰতি নহয়, তেন্তে পাকিস্তানৰ সকলো সামগ্ৰীত টেৰিফ বৃদ্ধি কৰা হব। মোৰ কথা শুনি পাকিস্তানৰ মূৰ ঘূৰাই গৈছিল। অৱশেষত দুয়োখন দেশে মোৰ কথাতেই যুদ্ধবিৰতি ঘোষণা কৰিলে। 

ট্ৰাম্পৰ এই কাৰ্যক মিথ্যাচাৰ আখ্যা দিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে। তেওঁ সদনত মুকলিকৈ প্ৰকাশ কৰে যে, ২২এপ্ৰিলৰ পৰা ১৬জুনৰ লৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰাম্পৰ সৈতে কোনো যোগাযোগ কৰা নাছিল। প্ৰণিধানযোগ্য যে, ইতিমধ্যে সদনত প্ৰধানমন্ত্ৰীয়েও ৰাজহুৱা কৰিছে যে, অপাৰেশ্যন সিন্দূৰক লৈ তেওঁ কোনো বিশ্ব নেতাৰ সৈতে কথা পতা নাছিল। 

ডোনাল্ড ট্ৰাম্প