/asomiyapratidin/media/media_files/2026/01/04/jdjjd-2026-01-04-11-44-43.jpg)
ডিজিটেল ডেস্কঃ অবৈধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ তুলি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক নিজ দেশৰ পৰা মাজনিশা গ্ৰেপ্তাৰ কৰি উঠাই লৈ যায় আমেৰিকাই। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকী বৰ্তমান আছে আমেৰিকান সেনাৰ জিম্মাত। ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিটো আপডেট ৰাজহুৱা কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।
নিকোলাই মাডুৰাৰ ওপৰত ট্ৰাম্পৰ শত্ৰুতা নতুন নহয়। ট্ৰাম্পে প্ৰথম শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই মাডুৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছিল। কিন্তু সেই সময়ত সফল হোৱা নাছিল। ভেনিজুৱেলাত থকা খনিজ তেল দখলৰ বাবেই আমেৰিকাই ভেনিজুৱেলাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ কৰিছে বুলি চৰ্চা হৈছে।
দুৰ্বল ৰাষ্ট্ৰ বা আমেৰিকাৰ বিৰোধিতা কৰা ৰাষ্ট্ৰ প্ৰধানত ভিন্ন অভিযোগ বন্দী কৰি হাৰাশাস্তি কৰাতো আমেৰিকাৰ কোনো নতুন ঘটনা নহয়। ইয়াৰ পূৰ্বেও বহুকেইগৰাকী ৰাষ্ট্ৰপ্ৰধানক বন্দী কৰিছিল আমেৰিকাই। তাৰ ভিতৰত ১৯০১চনত ফিলিপাইনছৰ মুৰব্বী এমিলিঅ' এগুইনাল্ডোক বন্দী কৰিছিল আমেৰিকাই।
ইয়াৰ পূৰ্বে ১৯৯০চনতো পানামাৰ ৰাষ্ট্ৰপতি মেনুৱেল নৰিগাক বন্দী কৰিছল আমেৰিকাই। ২০০৪চনত হাইটিৰ ৰাষ্ট্ৰপ্ৰধান জিন-বাৰ্ট্ৰাণ্ড আৰিষ্টাইডক বন্দী কৰাৰ বিপৰীতে ২০০৩চনত ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক বন্দী কৰি মৃত্যুদণ্ডও বিহিছিল আমেৰিকাই।
অতি শেহতীয়াকৈ ২০২৬ৰ ৩জানুৱাৰীৰ মধ্য নিশা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰাক বন্দী কৰে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অভিযোগ হ'ল ভেনিজুৱেলা মাদক দ্ৰব্য ব্যবসায়ৰ হোতা। তৃতীয় বাৰৰ বাবে ৫৪% ভোট পাই নিৰ্বাচিত হোৱা জনপ্ৰিয় নেতা মাদুৰো এজন মটৰ চালক শ্ৰমিক আৰু দেশখনৰ জনপ্ৰিয় নেতা।আগতেও কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰি আমেৰিকাৰ বহতীয়া হৈ কাম নকৰাৰ বাবেই কেবাবাৰো তেখেতৰ ওপৰত আমেৰিকাৰ দ্বাৰা আক্ৰমণ কৰা.হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us