আমেৰিকাক ধাৰাবাহিক আক্ৰমণ! ৫০বছৰে কোনেও কৰিব নোৱাৰা কাম ৪৮ঘন্টাত কৰিলে ইৰানে...

ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰিছিল আমেৰিকাই। বিশ্বৰ প্ৰতিখন যুদ্ধতে আমেৰিকাৰ এনে প্ৰৱেশ এক পৰম্পৰা হৈ পৰিছে। এনে যুদ্ধসমূহত আমেৰিকাই প্ৰৱেশ কৰি এখন বিশেষ দেশৰ হৈ আনখন

author-image
Asomiya Pratidin
New Update
d1f2e2b0-0e1f-429c-8950-aa2712b9fd4f

ডিজিটেল ডেস্কঃ ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰিছিল আমেৰিকাই। বিশ্বৰ প্ৰতিখন যুদ্ধতে আমেৰিকাৰ এনে প্ৰৱেশ এক পৰম্পৰা হৈ পৰিছে। এনে যুদ্ধসমূহত আমেৰিকাই প্ৰৱেশ কৰি এখন বিশেষ দেশৰ হৈ আনখন দেশক আক্ৰমণ কৰি বিশ্বক আওপকীয়াকৈ শক্তি প্ৰদৰ্শন কৰে।

ইৰান-ইজৰাইলৰ যুদ্ধতো সেই একেই কামেই কৰিছিল আমেৰিকাই। ইজৰাইলৰ সেনাৰ সৈতে লগ গৈ আমেৰিকান সেনাই ধাৰাবাহিক আক্ৰমণ চলাই গৈছিল ইজৰাইলৰ ওপৰত। কিন্তু এইবাৰ হিতে বিপৰীত হ'ল। অনাধিকাৰ প্ৰৱেশ কৰা আমেৰিকাক বাৰুকৈয়ে এসেকা দিলে ইৰানে।

বিগত প্ৰায় ৭দিন ধৰি অব্যাহত থকা এই যুদ্ধত ইৰানৰ বহু ক্ষতি হৈছে। কিন্তু যোৱা ৪৮ঘন্টাৰ ভিতৰত ইৰানৰ আক্ৰমণাত্মক ৰূপত থৰকাচুতি হেৰুওৱাইছে আমেৰিকাই। বিগত প্ৰায় ২৫বছৰে আমেৰিকাৰ ওপৰত নোহোৱা বিধ্বংসী আক্ৰমণ কৰিলে ইৰানে।

৩মাৰ্চৰ নিশাৰ পৰা ৫মাৰ্চৰ পুৱা লৈকে এই সময়চোৱাত ইৰানে আমেৰিকাক দিলে বহুকেইটা মোক্ষম আঘাত। এই সময়চোৱাত ইৰানে আমেৰিকাৰ ৯টা সৈন্য বাহিনীৰ ঘাটি উৰুৱাই দিয়ে। ইৰানৰ আক্ৰমণত বহু সেনা আহত হোৱাৰ লগতে ৬গৰাকীকৈ সৈনিকৰ মৃত্যু হৈছে।

ট্ৰাম্পে সপোনতো ভৱা নাছিল যে ইৰানে তেওঁলোকৰ ওপৰত এনে প্ৰত্যাক্ৰমণ কৰিব। ইৰানক আক্ৰমণ কৰিবলৈ যোৱা ৪খনকৈ যুজাঁৰু বিমানো ধ্বংস কৰি দিয়ে ইৰানী সেনাই। ৩টাকৈ আমেৰিকাৰ দূতাবাসৰ কাৰ্যালয়তো বোমাৰে উৰুৱাই দিয়ে ইৰানে। বিগত প্ৰায় ৪৮ঘন্টাত এটাৰ পাছত আনটো আক্ৰমণ চলাই গৈছিল ইৰানে।

ইৰানৰ এই আক্ৰমণত বহু হাজাৰ কোটিৰ টকাৰ যুজাঁৰু সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে আমেৰিকাৰ। ইৰানৰ এনে আক্ৰমণৰ পাছতে নিজৰ দেশত প্ৰশ্নৰ সন্মুখীন হৈছে ট্ৰাম্প চৰকাৰ। বিগত প্ৰায় ৫০বছৰো অধিক কাল আমেৰিকাৰ ওপৰত এনে আক্ৰমণ কৰিবলৈ বিশ্বৰ কোনো এখন দেশে সাহস গোটাব পৰা নাছিল। 

শেহতীয়াকৈ ইৰানৰ এই আক্ৰমণাত্মক ৰূপত বাৰুকৈয়ে ব্যতিব্যস্ত হৈছে ট্ৰাম্প। প্ৰাপ্ত খবৰ অনুসৰি, সেনা বাহিনীৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক হোৱাইট হাউচত আয়োজন কৰা হৈছে। ধাৰণা কৰা হৈছে যে, অহা ২৪ঘন্টাৰ ভিতৰত ইৰানৰ ওপৰত পুনৰ বিধ্বংসী আক্ৰমণ চলাব আমেৰিকাইও। 

আমেৰিকা যুক্তৰাষ্ট্ৰ