আম্বানীৰ বাসভৱনত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুব

ভাৰতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী পৰিয়াল হৈছে আম্বানীৰ পৰিয়াল। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বাসগৃহত উপস্থিত হয় ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুব।

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg (8)

ডিজিটেল ডেস্কঃ ভাৰতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী পৰিয়াল হৈছে আম্বানীৰ পৰিয়াল।এই পৰিয়ালটো মুখ্যত তেওঁলোকৰ ব্যৱসায়িক গোট ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বাবে জনাজাত। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বাসগৃহত উপস্থিত হয় ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুব। ব্যৱসায়ত ৰাজত্ব কৰা অনন্ত আম্বানীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুবক আদৰণি জনায়। 

WhatsApp Image 2026-03-08 at 2.47.52 PM (1)

উল্লেখ্য যে, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুবক আদৰণি জনোৱাৰ পাছতে এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। লগতে বহু গুৰুত্বপূৰ্ণ আলেোচনা কৰে। শুকুৰবাৰে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইচিনা ডাইলগৰ একাদশ সংস্কৰণৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত দুয়োখন দেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। 

ইফালে এই সকলোবোৰৰ মাজতে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে- নতুন দিল্লীয়ে এতিয়া বিশ্ব মঞ্চত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। দেশৰ জনগাঁথনিৰ লগতে অৰ্থনৈতিক শক্তিৰ বাবে ভাৰতৰ ভৱিষ্যত উজ্জ্বল। 

WhatsApp Image 2026-03-08 at 2.47.52 PM

মুকেশ আম্বানী অনন্ত আম্বানী