ডিজিটেল ডেস্কঃ চলিত বৰ্ষত এপ'লৰ আইফোন16 মুকলি হোৱা পাছতে উত্ৰাৱল হৈ আছিল আইফোন প্ৰেমীসকল। কিন্তু ফোনটোৰ মূল্য দেখি থমকি ৰৈছে বহু ক্ৰেতা। সেইসকলৰ বাবে ডাঙৰ অফাৰ আগবঢ়াইছে মুকেশ আম্বানীয়ে। ইয়াৰ জৰিয়তে অতি কম মূল্যত আপুনিও ক্ৰয় কৰিব পাৰিব আইফোন16 ।
দৰাচলতে ৰিলায়েন্স ডিজিটেলে আইফোন16ত বিক্ৰীত বিপুল ৰেহাই আগবঢ়াইছে। এনে পৰিস্থিতিত যদি আপুনি এপ'লৰ শেহতীয়া স্মাৰ্টফোন কিনাৰ কথা ভাবিছে,তেন্তে এইটো আপোনাৰ বাবে সুবৰ্ণ সুযোগ। মূল্য হ্ৰাস কৰাৰ উপৰিও কোম্পানীয়ে বেংকৰ অফাৰো দিছে।
এপ'ল আইফোন16ৰ ১২৮জিবি ভেৰিয়েন্ট প্ৰথমে ৭৯,৯০০ টকাত মুকলি কৰা হৈছিল। কিন্তু ৰিলায়েন্স ডিজিটেলত ইয়াৰ মূল্য ১৫০০ টকাৰ ৰেহাইৰ সৈতে তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ এই ফোনত ১৫০০ টকাৰ আপফ্ৰন্ট ৰেহাই দিয়া হৈছে। মাত্ৰ ৭৮,৪০০ টকাত প্লেটফৰ্মত মুকলি কৰি দিয়া হৈছে।
আনহাতে আইফোন16 প্ৰ’ফোনটো ৰিলায়েন্স ডিজিটেলত প্ৰকৃত মূল্যতে বিক্ৰী কৰা হৈছে। কিন্তু, বহু বেংক ক্ৰেডিট কাৰ্ডেৰে ক্ৰয় কৰিলে ৪,০০০ টকাৰ ৰেহাই দিয়া হৈছে। আইফোন16 প্ৰ’ৰ প্ৰকৃত লঞ্চ মূল্য ১,১৯,৯০০ টকা। কিন্তু ১,১৫,৯০০ ৰেহাই মূল্যত আপুনি ফোনটো ক্ৰয় কৰিব পাৰিব।
ইয়াৰ উপৰিও আৰু এটা বেংক অফাৰ দিয়া হৈছে। যদি আপুনি আইচিআইচিআই, এছবিআই বা ক'টাক বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ৫০০০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই ফোনটো বিনামূলীয়া ইএমআইত কিনিব পাৰিব।
ইয়াৰ লগে লগে ফোনটোৰ সম্পূৰ্ণ মূল্য এবাৰতে দিয়াৰ পৰিৱৰ্তে মাহিলী ধন পৰিশোধ কৰিব লাগিব। ফলস্বৰূপে এই ফোনটো বহু লোকৰ বাবে বাজেট-ফ্ৰেণ্ডলী হৈ পৰিছে। আপোনালোকক জনাওঁ যে এই ফোনটো লঞ্চ হোৱাৰ কেইমাহমানৰ পিছতহে এই ৰেহাই উপলব্ধ হৈছে। অৱশ্যে পৰৱৰ্তী বৰ্ষত এই মূল্য আৰু হ্ৰাস হ’ব পাৰে যদিও তেতিয়ালৈকে বজাৰত আইফোন17 ছিৰিজ মুকলি হ'ব।