চাঞ্চল্যকৰ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত অভিযুক্ত প্ৰাঃ আলফাক পুনৰ আটক কেন্দ্ৰীয় সংস্থাৰ...

চাঞ্চল্যকৰ প্ৰাক্তন মন্ত্ৰী নগেন নেওঁগৰ হত্যাকাণ্ডত অভিযুক্ত প্ৰাঃ আলফাক পুনৰ আটক কেন্দ্ৰীয় সংস্থাৰ...

author-image
Asomiya Pratidin
New Update
চাঞ্চল্যকৰ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত অভিযুক্ত প্ৰাঃ আলফাক পুনৰ আটক কেন্দ্ৰীয় সংস্থাৰ...

ডিজিটেল ডেস্কঃ চাঞ্চল্যকৰ প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈ কাৰাবাস খটা প্ৰাক্তন আলফা অমৰ সিং ওৰফে অৰূপ কোঁৱৰক আজি নিশা পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে।

Advertisment

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এটা দলে গোলাঘাটৰ পুলিবৰ বগৰীজেংস্থিত বাসভৱনৰ পৰা তেওঁক আটক কৰি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই গুৱাহাটীলৈ লৈ আহে। জানিব পৰা মতে, কাইলৈ অৰ্থাৎ ১৯অক্টোবৰ, ২০২৪ত গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱাই তদন্তকাৰী সংস্থাটোৱে তেওঁক ট্ৰেনজিড ৰিমাণ্ডৰ অনুমতি লৈ অসমৰ বাহিৰলৈ লৈ যাব।

অৱশ্যে পূৰ্বে বৰ্তমান মন্ত্ৰী অজন্ত নেওগৰ স্বামী তদানীন্তন কংগ্ৰেছ মন্ত্ৰী নগেন নেওঁগক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল অমৰ সিঙক। অৱশ্যে আজি পুনৰ কি অপৰাধত এনেদৰে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে, সেয়া স্পষ্ট হোৱা নাই যদিও গোলাঘাটত বিভিন্ন লোকৰ মাজত প্ৰচাৰিত খবৰ মতে, বহিঃৰাজ্যত সংঘটিত কোনো গুৰুতৰ অপৰাধজনিত গোচৰত প্ৰাক্তন আলফাগৰাকীক আটক কৰা বুলি জানিব পৰা গৈছে।

নগেন নেওঁগ