/asomiyapratidin/media/media_files/2025/11/09/166-2025-11-09-14-46-00.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ : লখিমপুৰৰ দ’লহাটৰ শাস্ত্ৰী স্মৃতি উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখনি শুক্ৰ আৰু শনিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । প্ৰাক্তন ছাত্ৰছাত্ৰীৰ মাজত মত বিনিময় ,শিক্ষাৰ সজাগতা সভা ,আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বাৰেৰহণীয়া কাৰ্যসুচীৰ সমাপ্ত হয় ।
শনিবাৰে আয়োজিত মুকলি সভাত “নতুন “শিক্ষানীতি ২০২০ অভিভাৱক আৰু কৰণীয় ”বক্তৃতা প্ৰদান কৰে ৰাজ্যৰ বিশিষ্ট যুৱ বক্তা ত্ৰিদিপ ভাগৱতী আৰু ড° প্ৰাঞ্জল বুঢ়াগোঁহাইয়ে ৷ অন্তিম দিনাৰ জুবিন গাৰ্গ সোৱঁৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অসম যুৱ সাংবাদিক সন্থাৰ সভাপতি বুবুল হাজৰিকাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us