/asomiyapratidin/media/media_files/2026/01/28/grdgedfwasds-2026-01-28-19-32-27.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ আজি নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ড কাৰ্যলয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত হয়। অসম গ্ৰামীণ জীৱিকা অভিযানৰ মিচনৰ জৰিয়তে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনত বিগত সময়চোৱাত বিভিন্ন অনুষ্ঠানত কাৰিকৰী প্ৰশিক্ষণ লোৱা ষোল্ল গৰাকী শিক্ষাৰ্থীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/capturefrgfgfgfgfg-2026-01-28-19-28-50.jpg)
অনুষ্ঠানটো উপস্থিত থাকে অসম জীৱিকা অভিযান মিছনৰ কঠীয়াতলী উন্নয়ণ খণ্ডৰ আঁচনি বিষয়া দুলাল হাজৰিকা।হাজৰিকাই দীনদয়াল উপধ্যায় গ্ৰামীন কুশল যোজনাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত তিনিমহীয়া প্ৰশিক্ষণ দেশৰ বিভিন্ন প্ৰান্তুত কৰ্মৰত হোৱা যুৱক যুৱতী সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/capturetrtrtrtrt-2026-01-28-19-29-03.jpg)
এই অনুষ্ঠানত শিক্ষাৰ্থী সকলে মনৰ ভাৱ বিনিময় কৰে।অনুষ্ঠানটোত সমন্বয়ক মধুমিতা দে উপস্থিত হৈ শিক্ষাৰ্থী সকলক কৰ্মীমুখী হবৰ বাবে আহ্বান জনোৱাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লৈ আগুৱাই যোৱাৰ বাবে উপদেশ প্ৰদান কৰে। এই অনুষ্ঠানটোত কঠীয়াতলী উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তৰ জীৱিকা সখী সকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us