লালুৰ দুই পুত্ৰৰ লগতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী...

বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বহুকেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ।  ৩.৭৫কোটি ভোটাৰে প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় কৰিব ১৩১৪গৰাকী প্ৰাৰ্থীৰ। এই প্ৰাৰ্থীৰ সকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-05 at 11.07.57 PM

ডিজিটেল ডেস্ক : বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বহুকেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ।  ৩.৭৫কোটি ভোটাৰে প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় কৰিব ১৩১৪গৰাকী প্ৰাৰ্থীৰ। এই প্ৰাৰ্থীৰ সকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ।

লালুৰ দুই পুত্ৰ তেজস্বী আৰু তেজ প্ৰতাপ যাদৱৰ ভাগ্য প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে নিৰ্ণয় হ’ব। তেজস্বী যাদৱ হৈছে বিৰোধী শক্তিৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী। বিজেপিৰ সতীশ কুমাৰৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত ৰাঘুপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেজস্বী যাদৱে।

আনহাতে পিতৃ আৰু ভাতৃৰ পৰা আতঁৰি গৈ লালুৰ সৰু পুত্ৰ তেজ প্ৰতাপ যাদৱে এইবাৰ বিহাৰত নতুন দল খুলি যুঁজত নামিছে। তেজ প্ৰতাপ নতুন দলটোৰ নাম হৈছে জনশক্তি জনতা দল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মহুৱা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে তেজ প্ৰতাপে।

আনফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ বৰ্তমানৰ বহুকেইগৰাকী মন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ ভাগ্যও নিৰ্ণয় হব। উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা এইবাৰ লখীছৰায় সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। 

বিহাৰৰ অতি শক্তিশালী নেতা সম্ৰাট চৌধুৰী, অৰুণ কুমাৰ শ্বাহ, মন্ত্ৰী মঙ্গল পাণ্ডে, অবধ চৌধুৰী, মহম্মদ চাহাবুদ্দিনৰ দৰে নেতাৰ ভাগ্য নিৰ্ণয়ো হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণতে। উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰত বিগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ-ই ১২৫ খন আসন লাভ কৰাৰ বিপৰীতে আৰ জে ডি আৰু কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধনে ১১০ খন আসন লাভ কৰিছিল ৷ বিপৰীতে আন আন দলসমূহে ৮ খন আসন লাভ কৰিছিল ।

৭৫ খনকৈ আসন লাভ কৰি একক বৃহত্তম দলত পৰিণত হৈছিল আৰ জে ডি । বিজেপিয়ে ৭৪ আৰু জে ডি ইউয়ে ৪৩ খনকৈ আসন লাভ কৰিছিল ।

নিৰ্বাচন