/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-11-22-57.jpeg)
ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ সৈতে চূড়ান্ত হৈছে কংগ্ৰেছৰ আসন বুজাবুজি। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলক এই বিষয়ে জানিবলৈ দিছে।
গগৈয়ে জানিবলৈ দিয়াৰ মতে অসম জাতীয় পৰিষদে খোৱাং, বঢ়মপুৰ, বিন্দাকান্দি, বজালী, ডিব্ৰুগড়, সৰুপথাৰ, গুৱাহাটী কেন্দ্ৰীয়, শদিয়া,পলাশবাৰী আসন কেইখনত প্ৰতিদ্বন্দ্বিতা কৰিব। বৰাকৰ এটা সমষ্টি অৱশ্যে অজাপক এৰি দিবলৈ সাজু হৈছে কংগ্ৰেছ।
ধেমাজি আৰু মৰিগাঁৱৰ ভিতৰত যিকোনো এখন আসনত অজাপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। খোৱাঙত সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বঢ়মপুৰত ৰাজেন গোঁহাই অথবা প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। প্ৰায়বোৰ সমষ্টিৰ বাবেই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে জাতীয় পৰিষদে। মৰিগাওঁ সমষ্টিটো কংগ্ৰেছে এৰি দিলে সমষ্টিটোৰ প্ৰাৰ্থী হব বাণী দাস। আনহাতে ধেমাজি সমষ্টিটো অজাপই লাভ কৰিলে তাত চিত্ৰৰঞ্জন বসুমতাৰীক দলটোৱে প্ৰক্ষেপ কৰিব।
ৰাইজৰ দলৰ সৈতে এতিয়াও সমষ্টিকেন্দ্ৰিক ভাগ-বতৰাক লৈ কেইটামান সমষ্টিক কেন্দ্ৰ কৰি মত-বিৰোধ অব্যাহত আছে। ৰাইজৰ দলে নাওবৈচা সমষ্টি বিচাৰিছে। ইফালে ডিগবৈ, চিচিবৰগাওঁ, শিৱসাগৰ,মৰিয়নি, বোকাখাত, তেজপুৰ, দলগাওঁ আৰু মানস সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিবলৈ সাজু হৈছে। মন্দিয়া, মাৰ্ঘেৰিটা, পূব গোৱালপাৰা সমষ্টি কেইটাত বন্ধুত্বমূলৰ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে। মিত্ৰতাৰ সহযোগী দল এপিএইছএলচিক ডিফু, আমৰি, চিপিআই(এম)ক গোৰেশ্বৰ, সৰভোগ, ভৱানিপুৰ আৰু চিপিআই(এমএল)ক বিহালী সমষ্টি এৰি দিবৰ বাবে সাজু হৈছে কংগ্ৰেছ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us