পৰাগ আগৰৱালে দায়িত্ব লোৱাৰ পিছতে ভাৰতৰ বিৰোধী ৰাজনৈতিক নেতাৰ টুইটাৰৰ ফলৱাৰ্ছ হ্ৰাসঃ বিতৰ্ক আৰু সমালোচনা আৰম্ভ…

পৰাগ আগৰৱালে দায়িত্ব লোৱাৰ পিছতে ভাৰতৰ বিৰোধী ৰাজনৈতিক নেতাৰ টুইটাৰৰ ফলৱাৰ্ছ হ্ৰাসঃ বিতৰ্ক আৰু সমালোচনা আৰম্ভ…

author-image
asomiyapratidin
New Update
পৰাগ আগৰৱালে দায়িত্ব লোৱাৰ পিছতে ভাৰতৰ বিৰোধী ৰাজনৈতিক নেতাৰ টুইটাৰৰ ফলৱাৰ্ছ হ্ৰাসঃ বিতৰ্ক আৰু সমালোচনা আৰম্ভ…

ডিজিটেল ডেস্কঃ টুইটাৰৰ নতুন কাৰ্যবাহী হিচাপ ভাৰতীয় মূলৰ পৰাগ আগৰৱালে দায়িত্ব লোৱাৰ পিছতে সোমাই পৰিছে বিতৰ্কত। পৰাগে টুইটাৰৰ চি ই অ' হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বহু ভাৰতীয় ৰাজনৈতিক নেতাৰ লগতে চেলিব্ৰেটিৰ হঠাৎ ফলোৱাৰ্ছৰ সংখ্যা হ্ৰাস হৈছে। যাৰ বাবে এতিয়া নতনু চি ই অ' গৰাকী সমালোচনাৰ সন্মুখীন হৈছে।

Advertisment

বৃহস্পতিবাৰে হঠাৎ বহু টুইটাৰ ব্যৱহাৰকাৰী বিৰোধী ৰাজনৈতিক নেতাৰ ফলৱাৰ্ছ হ্ৰাস পাইছে। এই বিষয়ত টুইটাৰৰ ফালৰ পৰা কোনোধৰণৰ জাননী জাৰি কৰা হোৱা নাই। টুইটাৰৰ কোনো নতুন নীতি ঘোষণা কৰা হোৱা নাছিল। ফলৱাৰ্ছ হ্ৰাস হোৱা চেলিব্ৰেটি, ৰাজনৈতিক নেতাই এই বিষয়ে টুইটাৰ কৰ্তৃপক্ষক অৱগত কৰিছে যদিও টুইটাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো কাৰণ ব্যাখ্যা কৰা হোৱা নাই।

এই বিষয়ে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি পৰাগ টুইটাৰৰ নতুন চি ই অ হোৱাৰ পিছৰে পৰা মাইক্ৰ'ব্লিগং ছাইটতোৱে ইচ্ছাকৃতভাৱে একাংশ চেলিব্ৰেটি আৰু বিৰোধী ৰাজনৈতিক নেতাৰ ফলৱাৰ্ছ হ্ৰাস কৰিছে। বিৰোধী দলৰ কেইবাজনো নেতা আৰু তেওঁলোকৰ ফলৱাৰ্ছে পৰাগ আগৰৱাল আৰু বিজেপিৰ মাজত থকা সুসম্পৰ্কৰ কথা ৰাজহুৱা কৰিছে আৰু সমালোচনা কৰিছে।