/asomiyapratidin/media/media_files/2025/10/15/532-2025-10-15-14-58-30.jpg)
ডিজিটেল সংবাদ, কচুৱা : নগাঁও জিলাৰ ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তৰ অন্তৰ্গত বৰপানী নৈত এম জি এনৰেগাত এটা গাইড বান্ধ নিৰ্মানৰ কামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে পূৰ্বৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ আৰু বৰ্তমানৰ পাখীমৰীয়া উন্নয়ন খণ্ডৰ অন্তুভুক্ত হোৱা মাধৱপাৰা পঞ্চায়তৰ প্ৰমিলা জাৰণিৰ বৰপানী নৈৰ খহনীয়া ৰোধ কৰিবৰ বাবে ২০২৩ -২৪ বৰ্ষত ১৯লাখ ৯৬ হাজাৰ টকা অনুমোদন দিয়া হৈছিল।
কিন্তু কামটোৰ নামত অনুমোদন হোৱা ধনৰ অধিকাংশ ধনেই মোকলাই নিদিয়াৰ অভিযোগ উঠিছে। যাৰ বাবে বান্ধটোত মেটেল আৰু বেম্ব পটেকচনৰ কাম আজিও সম্পূৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ উঠিছে ।
এই কামটো এখন নিৰ্মাণ কমিটি গঠন কৰি বান্ধটো নিৰ্মানৰ কাম চলাই যায়। পৰিচলনা কমিটিয়ে ধন লেন দেনৰ দায়িত্ব অৰ্পন কৰে ৱাদুত জামানক । কিন্তু ৱাদুত জামানে আজি পৰ্যন্ত কোনো ধৰণৰ হিচাপ দাখিল নকৰাৰ অভিযোগ আনিছে পৰিচালনা কমিটিয়ে।
এই সম্পৰ্কত স্থানীয় ৰাইজে ৰহা সমষ্টিৰ বিধায়ক আৰু কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়াক আবেদনযোগে তৎকালে কামটো সমাপ্ত কৰাৰ লগতে ৱাদুত জামানক সম্পূৰ্ণ ধনৰ হিচাপ দাখিল কৰাৰ দাবী জনাইছে।