কনকলতা বৰুৱা-মুকুন্দ কাকতি স্মৃতি উদ্যানত ফ্লটিং ফাউণ্টেইন নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

গহপুৰ পৌৰসভা কাৰ্য্যলয়ৰ সন্মুখত থকা শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি স্মৃতি উদ্যান চৌহদৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ মাজভাগত সংস্থাপন কৰা ফ্লটিং ফাউণ্টেইনৰ ক্ষেত্ৰত উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
csdfjnsds

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ পৌৰসভা কাৰ্য্যলয়ৰ সন্মুখত থকা শ্বহীদ কনকলতা বৰুৱা-মুকুন্দ কাকতি স্মৃতি উদ্যান চৌহদৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ মাজভাগত সংস্থাপন কৰা ফ্লটিং ফাউণ্টেইনৰ নিৰ্মাণৰ ক্ষেত্ৰত উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ।

ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনত সংস্থাপন কৰা প্ৰায় ১২/১৫ ফুট গোলাকৃতিৰ পানীত উপঙি থকা ফ্লটিং ফাউণ্টেইনৰ জৰিয়তে বৰষুণৰ দৰে পানী উলিয়াই ৰঙ বিৰঙী লাইট জ্বলাই বৰপুখুৰীৰ শোভা বৰ্ধনৰ ব্যৱস্থা কৰা হৈছিল।শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিৰ উন্নয়ন এলেকা পূঁজিৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আবণ্টিত ধনেৰে সংস্থাপিত কৰা উক্ত ফ্লটিং ফাউণ্টেইনৰ বাবে আবণ্টিত পুঁজিৰ পৰিমাণ হৈছে ২৩ লাখ টকা।

কিন্তু উক্ত ফ্লটিং ফাউণ্টেইনটো দেখি ৫ লাখ টকা খৰছ হোৱা বুলিহে অনুমান কৰিছে গহপুৰৰ সচেতন ৰাইজে। যোৱা ১৪ চেপ্তেম্বৰত শুভ উদ্ধোধন কৰা ফ্লটিং ফাউণ্টেইনৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুত্ব অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে।

উল্লেখ্য যে ফ্লটিং ফাউণ্টেইন সংস্থাপনৰ কাম কুলজিৎ সিং নামৰ ঠিকাদাৰ গৰাকীয়ে নাজিৰাৰ পৰা গহপুৰত কেনেকৈ উক্ত কাম পালে তাকে লৈয়ো প্ৰশ্ন উথাপিত হৈছে ৰাইজৰ মাজত। এই ক্ষেত্ৰত গহপুৰৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে উক্ত ফ্লটিং ফাউণ্টেইনৰ কামৰ উচিত তদন্ত কৰাৰ লগতে বাকী থকা পূঁজি ঠিকাদাৰগৰাকীক মোকলাই নিদিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিশ্বনাথ জিলাৰ আয়ুক্ত, গহপুৰ সমজিলা আয়ুক্ত আৰু ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত দাবী জনাইছে।

গহপুৰ