কাছাৰ কংগ্ৰেছত বিদ্ৰোহ : মোটা অংকৰ ধন লৈ অমিত কালোৱাৰক টিকট দিয়াৰ অভিযোগ

কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ হোৱাৰ পিছতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই

author-image
Asomiya Pratidin
New Update
230

ডিজিটেল সংবাদ, শিলচৰ : কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ হোৱাৰ পিছতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ হৈ কাম কৰি অহা জ্যেষ্ঠ কংগ্ৰেছী নেতাক টিকটৰ‌ পৰা বঞ্চিত কৰি  সদ্য কংগ্ৰেছত যোগদান কৰা ন কংগ্ৰেছীক মোটা অংকৰ ধন লৈ দলীয় টিকট দিয়া বুলি কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৰখলা সমষ্টিত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত জহিৰুল ইছলাম বৰভুঞা ওৰফে জুৱেলে।

বৰখলা সমষ্টিত ডা০ অমিত কুমাৰ কালোৱাৰক দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত জহিৰুল ইছলাম বৰভুঞাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বৰখলাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে।

কংগ্ৰেছ