/asomiyapratidin/media/media_files/2025/12/15/dwdewewewe-2025-12-15-21-55-32.jpg)
ডিজিটেল ডেস্কঃ ২০২১ চনৰ এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্য পালন কৰাৰ কিছু সময়ৰ পিছতে কভিড ১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল উত্তৰ প্ৰদেশৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। সেই কৰ্মচাৰী গৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে ৩০ লাখ টকাৰ এককালীন সাহাৰ্যৰ বাবে কৰা আবেদন পুনৰ বিবেচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে, কৌশল কিশোৰ নামৰ চৰকাৰী কৰ্মচাৰীজন ২০২১ চনৰ এপ্ৰিল মাহত কভিড ১৯ মহামাৰীৰ তুংগত থকা সময়ত নিৰ্বাচনী কৰ্তব্যৰ বাবে নিয়োজিত হৈছিল আৰু কৰ্তব্য পালন কৰাৰ ১২ দিনৰ ভিতৰতে সংক্ৰমণৰ ফলত মৃত্যুবৰণ কৰিছিল। পিছে সেই সময়ত তেওঁৰ পত্নীয়ে এন্টিজেন/আৰটি-পিচিআৰ +ve পৰীক্ষা আৰু কম্পিউটেড টম’গ্ৰাফী স্কেন প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে এককালীন সাহাৰ্যৰ পৰা বঞ্চিত হৈছিল। জিলা দণ্ডাধীশে তেওঁৰ স্বামীৰ ক’ভিড-১৯ পৰীক্ষা হোৱা নাছিল আৰু সংক্রমণৰ কোনো প্ৰমাণ নাই বুলি ২০২২ চনৰ জুলাই মাহত এককালীন সাহাৰ্যৰ পৰা তেওঁক বঞ্চিত কৰিছিল।
পিছে, সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰূপমা চতুৰ্বেদী আৰু অজিত কুমাৰৰ বিচাৰপীঠে মহিলা গৰাকীৰ আবেদন পুনৰ বিবেচনা কৰি আদালতক পৰ্যবেক্ষণ দ্বাৰা সিদ্ধান্ত ল’বলৈ নিৰ্দেশ প্ৰদান কৰে। এই বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে, মহিলাগৰাকীৰ স্বামীৰ টেষ্ট ৰিপৰ্টটো ৰাজ্যখনৰ কভিড লেবে জাৰি কৰা কম্পিউটাৰ জেনেৰেটেড স্লিপ। যাৰবাবে ইয়াত চিকিৎসকৰ স্বাক্ষৰৰ প্ৰয়োজন নাই। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে সমগ্ৰ বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us