উত্তৰ বালিজুৰি দুৰ্গা পূজা সমিতিৰ সংবাদমেল : ৰূপালী জয়ন্তীৰ সকলো কাৰ্যসূচী বাতিল

বৃহস্পতিবাৰে জামুগুৰিহাটৰ উত্তৰ বালিজুৰি দুৰ্গা পূজা সমিতি এক সংবাদমেল আয়োজন কৰে

author-image
Asomiya Pratidin
New Update
zg

ডিজিটেল সংবাদ, জামুগুৰিহাট : বৃহস্পতিবাৰে জামুগুৰিহাটৰ উত্তৰ বালিজুৰি দুৰ্গা পূজা সমিতি এক সংবাদমেল আয়োজন কৰে ৷ দুৰ্গা পূজা উপলক্ষে উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ লগতে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল ৷ 

কিন্তু অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে গভীৰ শোক প্ৰকাশ কৰি উত্তৰ বালিজুৰি দুৰ্গা পূজা উদযাপন সমিতিয়ে ৰূপালী জয়ন্তীৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰে। সংবাদমেলত উদ্যোক্তাই কয় যে, উত্তৰ বালিজুৰিৰ সাৰ্ব্বজনীন দুৰ্গা পূজাই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ সেই হেতুকেই উদযাপন সমিতিখনে স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উলহ-মালহেৰে এইবাৰ দুৰ্গা পূজাভাগ উদযাপনৰ আয়োজন কৰিছিল ৷ কিন্তু শিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হৈছে।

অৱশ্যে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হৈ যোৱা পিছত অহা ১৯ আৰু ২০ অক্টোবৰত ৰূপালী জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ কথাও সংবাদমেলত অৱগত কৰে।

জামুগুৰিহাট দুৰ্গা পূজা