ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সামৰণি

আজিৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰক প্ৰতিনিধিত্ব কৰে

author-image
Asomiya Pratidin
New Update
েি

ডিজিটেল ডেস্কঃ   দিল্লীত সামৰণি পৰিল সৰ্বদলীয় বৈঠকৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সকলো ৰাজনৈতিক দলক অপাৰেচন সিন্দুৰ সন্দৰ্ভত অৱগত কৰে ৰাজনাথ সিঙে।

Advertisment

উক্ত সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে, তৃণমূল কংগ্ৰেছৰ সন্দীপ বন্দ্যোপাধ্যায় আৰু ডি এম কেৰ টি আৰ বালু বিৰোধী দলক প্ৰতিনিধিত্ব কৰে।

সভাৰ অন্তত লোকসভাৰ বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কয় যে, আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। এই সময়ত আমি চৰকাৰৰ সৈতে একেলগে থিয় দিম।

ইফালে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, সকলো ৰাজনৈতিক নেতাই পৰিপক্কতা প্ৰদৰ্শন কৰিলে। ‘অপাৰেচন সিন্দুৰ আৰু চৰকাৰৰ উদ্দেশ্য সম্পৰ্কে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক ব্রিফিঙৰ জৰিয়তে বৈঠকখন আৰম্ভ হয় ৷ দেশখনৰ জটিল সময়ছোৱাত সকলো ৰাজনৈতিক নেতাই পৰিপক্কতা প্রদর্শন কৰিছে ৷ সকলো ৰাজনৈতিক দলে একত্রিতভাৱে চৰকাৰৰ কাষত থিয় দিবলৈ প্রতিশ্রুতি দিছে ৷

উল্লেখযোগ্য যে আজিৰ সভাত আন বিৰোধী নেতাসকলৰ ভিতৰত আছিল সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, আপৰ সঞ্জয় সিং, শিৱসেনাৰ সঞ্জয় ৰাউত, এন চি পি (এছ পি)ৰ সুপ্ৰিয়া চুলে, বিজেডিৰ সাস্মিত পাত্ৰ আৰু চি পি আই (এম)ৰ জন ব্ৰিটাছ।

 

সৰ্বদলীয় বৈঠক