সদন আক্ৰমণৰ ঘটনা, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু এয়া বিটিচিৰ ৩৫ লাখ জনতাৰ ওপৰত আক্ৰমণ : অধ্যক্ষ ত্ৰিদীপ দৈমাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদত জনজাতীয় ছাত্ৰ সমাজে শনিবাৰে বিটিচি বিধান পৰিষদ লণ্ডভণ্ড কৰাৰ পিছত দেওবাৰে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে বিটিচি বিধান পৰিষদীয় ভৱনত উপস্থিত হৈ ঘটনাৰ বুজ লয়

author-image
Asomiya Pratidin
New Update
359

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদত জনজাতীয় ছাত্ৰ সমাজে শনিবাৰে বিটিচি বিধান পৰিষদ লণ্ডভণ্ড কৰাৰ পিছত দেওবাৰে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে বিটিচি বিধান পৰিষদীয় ভৱনত উপস্থিত হৈ ঘটনাৰ বুজ লয় । বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে বিটিচি সদন কক্ষৰ বাহিৰে -ভিতৰে ক্ষয়ক্ষতিৰ বুজ লৈ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পবিত্ৰ সদনত আন্দোলনকাৰীৰ আক্ৰমন কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।  

WhatsApp Image 2025-11-30 at 8.28.53 PM

আক্ৰমনকাৰীসকলৰ বিৰুদ্ধে আইনগত শাস্তি গ্ৰহণৰ দাবী উত্থাপন কৰি ত্ৰিদীপ দৈমাৰীয়ে কয় যে ইতিমধ্যে বিটিচিৰ সচিবে কোকৰাঝাৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । অনাকাংক্ষিত ঘটনাটো ঘটাৰ সময়ছোৱাত এবছুৰ পতাকা দেখা গৈছিল বুলি মন্তব্য কৰি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে কয় যে আন্দোলনকাৰীসকলে হয়তো বিটিচিৰ এমচিএলএ সকলকো হত্যা কৰাৰ  পৰিকল্পনা আছিল।

শত সহস্ৰ শ্বহীদৰ তেজৰ বিনিময়ত পোৱা বিটিচিৰ সদনত আক্ৰমন অতি দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ত্ৰিদীপ দৈমাৰীয়ে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে । আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ত্ৰিদীপ দৈমাৰীয়ে কয় যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষয় ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণত আপত্তি নাই বুলি মন্তব্য  কৰিছে ।

আনহাতে কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ শীতকালীন অধিবেশন নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ'ব বুলিও সদৰী কৰে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে । 

বিটিচি প্ৰতিনিধিৰ সৰ্বদলীয় বৈঠক

বিটিচি বিধান পৰিষদত আক্ৰমনৰ পিছতে আজি বিটিচি বিধান পৰিষদ ভৱনৰ প্ৰেক্ষাগৃহত বিটিচি বিধান পৰিষদীয় প্ৰতিনিধিৰ এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। লগতে উক্ত বৈঠকত কালিৰ ঘটনাটোৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত বিটিচি বিধান পৰিষদত আক্ৰমন কৰা ঘটনাক গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে সৰ্বদলীয় বৈঠকৰ অন্তত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী , কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু এমচিএলএ অঞ্জন দৈমাৰীয়ে এক সংবাদমেলত ভাগ লয়। সংবাদমেলত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে কালিৰ ঘটনাৰ সতে নাম সাঙোৰ খোৱা বড়ো ছাত্ৰ সন্থাৰ কাণ্ডক গৰিহণা দি সদন আক্ৰমনৰ ঘটনা গণতন্ত্ৰৰ ওপৰত আক্ৰমন আৰু এয়া বিটিচিৰ ৩৫ লাখ জনতাৰ ওপৰত আক্ৰমন বুলি মন্তব্য কৰে। 

আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে কিন্তু সেয়া হিংসাত্মক হ'ব নালাগে বুলি মন্তব্য কৰি আক্ৰমনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ প্ৰশাসনক পুণৰবাৰৰ বাবে আহ্বান জনাই অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। আনহাতে আজিৰ সৰ্বদলীয় বৈঠকত বিপিএফ আৰু বিজেপিৰ পৰা সহযোগিতা পোৱা বুলি সদৰী কৰি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে বৈঠকত ইউপিপিএল দলৰ পৰা কোনোৱেই উপস্থিত নাথাকিল বুলি কয়।

ইপিনে বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিচৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে সদনৰ ওপৰত আক্ৰমন কৰা ঘটনাক গৰিহণা দি ৰাজনৈতিক লাভালাভৰ বাবে লৰা-ছোৱালীক "মিচগাইড " কৰিব নালাগে বুলি সংবাদমেলত মন্তব্য কৰে। যিসকল স্বঘোষিত নেতাৰ উচটনিত এনে কাৰ্য সংঘটিত হৈছে তেওঁলোকক চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰি ইউপিপিএল আৰু এবছুৰ বহু জ্যেষ্ঠ নেতাকো চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে।

WhatsApp Image 2025-11-30 at 8.28.54 PM

গণতন্ত্ৰৰ ওপৰত আক্ৰমন কৰা ঘটনাৰ ওপৰত তদন্তৰ দাবী তুলি দেৰহাছাৎ বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক কাৰোবাৰ দ্বাৰা প্ৰৰোচিত নহবলৈ আহ্বান জনায়। আনহাতে বিজেপিৰ এমচিএলএ অঞ্জন দৈমাৰীয়ে বিটিচি বিধান পৰিষদৰ ওপৰত আক্ৰমন হ'ব বুলি কেতিয়াও ভবা নাছিলো বুলি মন্তব্য কৰি শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত লাভ কৰা বিটিচিৰ ওপৰত আক্ৰমনৰ ঘটনা গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰি হিংসাৰ পথ নলবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । 

উল্লেখ্য কালি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বাহিৰ হোৱা জনজাতি ছাত্ৰ সমাজে বিটিচিৰ বিধান পৰিষদীয় ভৱনৰ লগতে সদনত লংকাকাণ্ড সংঘটিত কৰিছিল। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বাহিৰ হোৱা জনজাতীয় ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদী সমদলেৰে বিটিচি বিধান পৰিষদীয় ভৱনত উপস্থিত হৈ তাণ্ডৱ চলাই চকী -মেজ , টিভি , চিচি টিভি , অগ্নি নিৰ্বাপক সঁজুলি , সদনৰ মাইক , ছাউণ্ডবক্স , এচি আদিকে ধৰি আন বহু মূল্যবান সামগ্ৰী ধ্বংস কৰিছিল । উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে আৰু  অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে ।

বিটিচি