সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক

বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন।শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে আজি এক গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে চলিত অধিৱেশনৰ কাৰ্যসূচী, সময়সূচী আৰু সুকলমে সদন পৰিচালনাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব।

উক্ত বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিবেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হোৱাতো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব।

 ১৯ ডিচেম্বৰ পর্যন্ত চলিবলগীয়া এই অধিবেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব। ইফালে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই চৰকাৰ আৰু বিৰোধীৰ মাজত পৰিৱেশ অত্যন্ত উত্তেজিত হৈ পৰিছে। প্ৰথম দিনাৰ পৰাই তীব্ৰ বাদ-বিবাদৰ আশংকা কৰিছে।

উল্লেখ্য কৰা প্ৰয়োজন যে, অধিৱেশনৰ সময়ছোৱাত চৰকাৰে পাৰমাণৱিক শক্তি খণ্ড, উচ্চ শিক্ষাৰ আন্তঃগাঁথনি সংস্কাৰ, আৰু কৰ্পৰেট/ষ্টক মাৰ্কেট নিয়ন্ত্ৰণৰ সৈতে জড়িত বিধেয়কসমূহকে ধৰি ১০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিছে।

তাৰোপৰি বংগ, উত্তৰ প্ৰদেশ, তামিলনাডু, কেৰালাৰ দৰে নিৰ্বাচনী ৰাজ্যত এছ আই আৰ বিষয়টো এটা ডাঙৰ ৰাজনৈতিক বিষয় হৈ পৰিছে। বিৰোধী দলসমূহে শীতকালীন অধিৱেশনত উক্ত সংবেদনশীল বিষয়ক লৈ চৰকাৰক প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰিব। 

ইতিমধ্যে বিৰোধী পক্ষই দাবী কৰিছে যে, বিদেশী বা অনুপ্ৰৱেশকাৰী সম্পৰ্কীয় যিকোনো নতুন ব্যৱস্থাই যাতে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু অস্তিত্বৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই নানে, সেই বিষয়ে চৰকাৰে স্পষ্ট স্থিতি গ্ৰহণ কৰিব লাগিব।

শীতকালীন অধিৱেশন