মুছলমান তুষ্টিকৰণৰ বাবে কংগ্ৰেছে মহাপুৰুষ শংকৰদেৱৰো অপব্যাখ্যা কৰিছে : ৰাজ্যিক বিজেপি

"অসমৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত মিঞা মুছলমানে পৰিচালনা কৰা প্রতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্রয়োজন আছে

author-image
Asomiya Pratidin
New Update
307

ডিজিটেল সংবাদ, গুৱাহাটী : "অসমৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত মিঞা মুছলমানে পৰিচালনা কৰা প্রতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্রয়োজন আছে। অন্যথা হাৰিয়ানাৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ দৰে অসমতো মিঞাই পৰিচালনা কৰা শিক্ষানুষ্ঠানত উচ্চ শিক্ষিত দুধর্ষ আত্মঘাতী সন্ত্রাসবাদী লুকাই থকাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। 

সেয়ে কেবল প্রশাসনিকভাৱেই নহয় সামাজিকভাৱেও এনে অনুষ্ঠানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্রয়োজন আছে"- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সাংবাদিকক প্রদান কৰা মন্তব্যত শৰ্মাই মিঞাৰ ৰাজনৈতিক সামাজিক আগ্রাসনৰ বিষয়ে এনেদৰে বৰ্ণনা কৰাৰ লগতে কয় যে মিঞাৰ প্রভুত্ব নিয়ন্ত্ৰত ৰখাৰ বাবে আন্তঃসমষ্টি প্রৱজন প্রতিৰোধ কৰিবই লাগিব। চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীৰ উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপ এনে প্রতিৰোধৰ এক অংশ বুলি ক'ব পাৰি।

উল্লেখযোগ্য যে, কংগ্রেছ নেতা ৰিপুণ বৰাই হিন্দু-মুছলমানৰ মাজত থকা সম্পর্ক বর্ণনা কৰিবলৈ গৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ মহান বাণীকো অপব্যাখ্যা কৰাৰ দৃষ্টিগোচৰ হৈছে। মহাপুৰুষ জনাই তেওঁৰ অন্যতম প্রিয় শিষ্য ছান্দ খাইক শৰণ দি ভাগৱত আদি পাঠ কৰিবলৈহে অনুপ্রাণিত কৰিছিল। 

মহাপুৰুষ জনাই ভাগৱতৰ জৰিয়তে সকলোৰেই আত্মাত ভগবান ৰামক প্রত্যক্ষ কৰাৰ কথাহে তেওঁৰ সৃষ্টিৰাজিত উল্লেখ কৰিছে। ছদ্ম ধর্মনিৰপেক্ষাতৰ কেন্সাৰত আক্রান্ত কংগ্ৰেছ দলৰ নেতা ৰিপুন বৰাহঁতৰ বাবে মুছলমানৰ তুষ্টিকৰণহে মূল বিষয়। 

নিজৰ ভোট বেংক সুৰক্ষিত কৰি ৰখাৰ বাবে ৰিপুন বৰাৰ দৰে মিঞাপন্থী নেতাই মহাপুৰুষজনাৰ অমৰ সৃষ্টিকো অপব্যাখ্যা কৰাটো তেনেই সৰু কথা। মিঞা মুছলমানৰ ওচৰত নতশিৰ কৰা ৰিপুন বৰাৰ এনে আচৰণক ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ কথা ৰাজ্যিক মুখপাত্র শর্মাই বিবৃতিটোত উল্লেখ কৰে।

অসম চৰকাৰে চিলিং এক্টৰ অধীনত চাহ বাগিচা লাইনৰ মাটি অধিগ্রহণ কৰি চাহ শ্রমিকসকলক ভূমিৰ অধিকাৰ দিয়াৰ বাবে গ্রহণ কৰা ব্যৱস্থাক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে। উল্লেখযোগ্য যে, ২৪ নবেম্বৰৰ সন্ধিয়া লোকসেবা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোবা কেবিনেটে চাহ বাগিচাৰ আনুষংগিক ভূমিৰ সংজ্ঞাৰ পৰা শ্রমিক লাইনৰ ব্যৱস্থাক বাদ দি 'আছাম ফিক্সেশ্যন অব চিলিং অন হল্ডিংছ (এমেন্ডমেন্ট) বিল, ২০২৫' বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনাইছে।

ইয়াৰ জৰিয়তে ৮২৫ টা বাগিচাৰ ৩.৩৩ লাখতকৈ অধিক শ্রমিক পৰিয়াল লাভাম্বিত হ'ব বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই উল্লেখ কৰে। অসম কেবিনেটে ২৩ নৱেম্বৰৰ দিনা গ্রহণ কৰা অসম এম আৰ অ নীতি, কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদ নীতি, জিলাৰ ভূমি ন্যায়াধিকৰণ স্থাপন, মেহতা আয়োগৰ প্রতিবেদন (৮৩ৰ নির্বাচনী হিংসা) বিধানসভাত দাখিল, আইনগত মর্যাদাৰে পৰম্পৰাৰ সুৰক্ষা, অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক, ২০২৫, অসমৰ শিক্ষা খণ্ডৰ কাঠামো শক্তিশালীকৰণ, অশিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশীকীকৰণ, বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্রণ, মহিলা শিক্ষকৰ নিযুক্তি আৰু বদলিত শিথিলতা, আজিম প্রেমজী বিশ্ববিদ্যালয় (অসম) অনুমোদন, নেৰিম বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি, উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠন আৰু অসম জন বিশ্বাস (বিধি সংশোধনী) বিধেয়ক, ২০২৫ গ্রহণ কৰাৰ বাবে ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনাইছে।

বিজেপি