/asomiyapratidin/media/media_files/2025/09/29/hagrama-29-2025-09-29-20-17-12.jpg)
ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰা বিপিএফ দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে দলটোৰ প্ৰতিজন সদস্যলৈ শুভেচ্ছা জনাইছে নিখিল বড়ো কল্যাণ পৰিষদে।
আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিখিল বড়ো কল্যাণ পৰিষদৰ তৰফৰ হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সতীৰ্থসকললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চৰকাৰখনে একতাৰ বান্ধোনেৰে বিটিচিত শান্তি আৰু উন্নয়নৰ কাম কৰি যাব।
তলত নিখিল বড়ো কল্যাণ পৰিষদে প্ৰেৰণ কৰা বিবৃতিঃ
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ বিজয়ী এমচিএলএ সকলক নিখিল বড়ো কল্যাণ পৰিষদ ( আবোফ) ৰ তৰফৰ পৰা শুভেচ্ছা আৰু আদৰণী জনাইছে। এই কথা আজি কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা আলাৰী ব্ৰহ্মই এক বিবৃতি যোগে জনাইছে।
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰখনে একতাৰ বান্ধোনেৰে বিটিচিত শান্তি আৰু প্ৰতিটো দিশত উন্নয়নৰ কাম কৰি যাব তাকে বিবৃতি যোগে আশা কৰে আবোফাই।