ট্ৰাইবেল বেল্টত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান সদৌ অসম ট্ৰাইবেল সংঘৰ

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনজাতিয় অধ্যুষিত এলেকাৰ ভূমিক কেন্দ্ৰ কৰি কৰা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁক জনজাতিয় অধ্যুষিত এলেকাত বৰ্জনৰ আহ্বান ট্ৰাইবেল সংঘৰ।

author-image
Asomiya Pratidin
New Update
ট্ৰাইবেল বেল্টত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান সদৌ অসম ট্ৰাইবেল সংঘৰ

ডিজিটেল সংবাদ, চিৰাং: বিটিআৰ এলেকাৰ অজনজাতি লোকৰ ভূমিৰ অধিকাৰক লৈ মন্তব্য কৰিবলৈ গৈ ষষ্ঠ অনুসূচীৰ স্বায়ত্ব শাসন আইন লগতে জনজাতি বেষ্টনী আৰু আবেষ্টনীক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিয়া মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ট্ৰাইবেল সংঘই। জনজাতি অধ্যুষিত এলেকাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বৰ্জন কৰিবলৈ জনজাতি ৰাইজক আহ্বান জনাই সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে। 

Advertisment

প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে যে কার্বি আংলং, ডিমা হাচাও, বি.টি.চিৰ লগতে সমগ্ৰ অসমৰ জনজাতিৰ স্বাৰ্থৰ বিপক্ষে মন্তব্য কৰাৰ বাবে দিলীপ শইকীয়াক বৰ্জন কৰাৰ এই সিদ্ধান্ত গ্রহণ কৰিবলৈ সংঘ বাধ্য হৈছে। উল্লখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যোৱা ২ আগষ্ট তাৰিখে ৰাজ্যৰ ষষ্ঠ অনুসূচিৰ স্বায়ত্ব শাসিত এলেকা আৰু ট্রাইবেল বেল্ট/ব্লকৰ ভূমিত জনজাতিৰ অধিকাৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল। 

শইকীয়াই আগ্রাসী মনোভাবেৰে আইন সংশোধন কৰি হ'লেও ষষ্ঠ অনুসূচিৰ স্বায়ত্ব শাসিত অঞ্চলত গুৱাহাটী, ডিব্ৰুগড় বা আন আন ঠাইৰ যিকোনো শ্ৰেণীৰ লোকেও মাটি ক্রয় কৰিব পৰা ব্যৱস্থা গঢ়ি তোলাৰ কথা সদম্ভে ঘোষণা কৰিছিল।ষষ্ঠ অনুসূচিৰ স্বায়ত্ব শাসনৰ আইন প্ৰযোজ্য হোৱা অঞ্চলত ট্রাইবেল বেল্ট/ব্লকৰ আইন তথা অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায় প্রযোজ্য নহ’ব বুলিও তেখেতে মন্তব্য প্রকাশ কৰিছিল। 

শাসকীয় দলৰ ৰাজ্যিক সভাপতি হিচাপে কৰা এই মন্তব্য সম্পূৰ্ণ জনজাতি বিৰোধী। তেখেতৰ মন্তব্যতে তেখেত এজন জনজাতি বিদ্বেষী ব্যক্তি বুলি প্রমাণ হৈছে।দীঘলীয়া সময় লোকসভাৰ সাংসদ হিচাপে ৰাজ্যক প্রতিনিধিত্ব কৰাৰ লগতে সময়ে সময়ে লোকসভাৰ অধ্যক্ষৰ আসনো অলংকৃত কৰা এগৰাকী বিজ্ঞ ব্যক্তিৰ সংবিধানৰ ষষ্ঠ অনুসূচিৰ স্বায়ত্ব শাসন সন্দর্ভত তিলমানো জ্ঞান নথকা বিষয়টো অতি দুর্ভাগ্যজনক আখ্যা দিয়ে সদৌ অসম ট্ৰাইবেল সংঘই।

অসমৰ ভূমিপুত্ৰ জনজাতি ৰাইজে দিলীপ শইকীয়াৰ এই জনজাতি বিদ্বেষী মন্তব্যত বাৰুকৈয়ে বিতুষ্ট হৈ পৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰিছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই জনজাতি বিৰোধী মন্তব্য উঠাই লোৱাৰ লগতে ভৱিষ্যতে ষষ্ঠ অনুসূচিৰ স্বায়ত্ব শাসনৰ আইন আৰু ট্রাইবেল বেল্ট/ব্লকৰ আইনত হাত বা চকু নিদিও বুলি ৰাজহুৱাকৈ প্রতিশ্রুতি নিদিয়া পর্যন্ত তেখেতৰ ওপৰত থকা বৰ্জনৰ সিদ্ধান্ত বাহাল থাকিব বুলি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে স্বাক্ষৰ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে ঘোষণা কৰিছে।

ট্ৰাইবেল বেল্টত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান সদৌ অসম ট্ৰাইবেল সংঘৰ

বিজেপি দিলীপ শইকীয়া ট্ৰাইবেল সংঘ